বৰপেটা, ২৮ জুলাই : সোমবাৰে মিজো সীমান্ত(Assam Mizoram Border)ৰ লাইলাপুৰত মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণত শ্বহীদ হোৱা নাজমূল হকৰ নশ্বৰদেহ বুধবাৰে বৰপেটাৰ হাউলীৰ কদমগুৰি গাঁৱৰ বাসগৃহলৈ অনা হয় । সম্প্ৰতি কদমগুৰি গাঁৱৰ ঈদগাহ ময়দানত ৰখা হৈছে শ্বহীদ জোৱানগৰাকীৰ নশ্বৰদেহ ৷ জোৱানজনৰ নশ্বৰদেহ আহি পোৱাৰ পিছতেই সৃষ্টি হয় শোকাকুল পৰিৱেশৰ ৷ কান্দোনত ভাঙি পৰে আত্মীয়-স্বজন ৷
নাজমূল হকৰ নশ্বৰদেহ আহি পোৱাৰ পাছতেই শোকত মৰ্মাহত হৈ পৰে সমগ্ৰ গাঁওবাসী । জোৱানজনক সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে শ্ৰদ্ধা নিবেদন কৰি শেষকৃত্য সম্পন্ন কৰা হ’ব । বৰপেটা জিলা প্ৰশাসন (Barpeta district administration)ৰ তৰফৰ পৰা জিলা উপায়ুক্ত (Deputy Commissioner)তেজ প্ৰসাদ ভূশাল, আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ লগতে আৰক্ষীৰ কেইবাগৰাকী উচ্চ পৰ্যায়ৰ বিষয়াই জোৱানজনৰ নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
শ্বহীদ জোৱানৰ কণমানি দুই পুত্ৰই পিতৃলৈ জনালে শেষ শ্ৰদ্ধা । ১১ বছৰীয়া বৰপুত্ৰই চেলুট জনাই শেষবিদায় জনাই পিতৃক ৷ মৰমৰ মানুহজনক হেৰুৱাই শোকত ভাগি পৰে নাজমূলৰ পত্নী ৷
মিজো সীমান্তত শ্বহীদ হোৱা নাজমূল হকৰ আপোন গাঁৱখনতে বুধবাৰে জানাজা সম্পন্ন কৰা হ’ব ৷ শ্বহীদ জোৱানজনৰ পত্নীয়ে "মোৰ স্বামী দেশৰ বাবে শ্বহীদ হৈছে, মই সুখী ৷ কিন্তু আৰু যেন কোনো শ্বহীদ হ’ব নালাগে ৷ মই মোৰ দুই পুত্ৰৰ ভৱিষ্যত বিচাৰো" বুলি কান্দি কান্দি প্ৰকাশ কৰে ৷
লগতে পঢ়ক : অসম-মিজোৰাম সীমান্ত সংঘাত: তিনি আৰক্ষী অধীক্ষকৰ সাল-সলনি