বৰপেটা, 22 আগষ্টঃ বৰপেটাৰ পলিটেকনিক ঠিকাভিত্তিক কৰ্মচাৰী সকলে বুধবাৰৰ পৰা তিনিদিনীয়া কৰ্মবিৰতি পালন কৰে৷ দীৰ্ঘ দিন ধৰি বন্ধ হৈ থকা দৰমহা আদায়ৰ দাবীত প্ৰতিবাদত নামিল বৰপেটা পলিটেকনিকত ঠিকা ভিত্তিত নিয়োজিত 30 গৰাকী কৰ্মচাৰী ৷
অভিযোগ অনুসৰি ৰাজ্যখনৰ 11 খনকৈ পলিটেকনিক প্ৰতিষ্ঠানৰ প্ৰায় তিনি শতাধিক ঠিকাভিত্তিক কৰ্মচাৰীয়ে মাহৰ পিচত মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে৷ জানিব পৰা মতে ৰাজ্য চৰকাৰৰ পলিটেকনিক প্ৰতিষ্ঠান সমূহৰ সঞ্চালকৰ স'তে হোৱা চুক্তি অনুসৰি মাইক্ৰোচম, এইছ আৰ ডি আদি প্ৰতিষ্ঠান সমূহে ৰাজ্যখনত নতুনকৈ স্থাপিত হোৱা 11 খনকৈ পলিটেকনিক প্ৰতিষ্ঠানত ঠিকাভিত্তিক কৰ্মচাৰী নিয়োগ কৰিছিল ৷ কিন্তু কৰ্মচাৰী সকলৰ অভিযোগ অনুসৰি পলিটেকনিক সমূহত কৰ্মৰত এইসকল চতুৰ্থ বৰ্গৰ ঠিকাভিত্তিক কৰ্মচাৰীয়ে ছমাহৰ পৰা এঘাৰ মাহলৈকে লাভ কৰা নাই প্ৰাপ্য দৰমহা ৷ মাথো 8 হাজাৰ টকাৰ নিৰ্ধাৰিত দৰমহাৰে সেৱা আগবঢ়াই অহা এইসকল কৰ্মচাৰীয়ে মাহৰ পিচত মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকাত পৰিয়াল চলোৱাৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে৷ সেয়ে বন্ধ হৈ থকা দৰমহা শীঘ্ৰে আদায় দিয়াৰ দাবীত বৰপেটা পলিটেকনিকৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে বুধবাৰৰ পৰাই এইদৰে ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে ৷