ETV Bharat / state

কলগাছিয়াত অধ্যাপকক ডি ভোটাৰ সজাই হাৰাশাস্তি

author img

By

Published : Jan 11, 2021, 10:44 AM IST

কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল কদ্দুচ তালুকদাৰ আৰু আজাহাৰুল ইছলাম চৰকাৰী চাকৰিয়াল হোৱা স্বত্বেও লাভ কৰিছে ডি ভোটাৰ ৷ যাৰ ফলস্বৰূপে বিগত 23 বছৰে ভোটাধিকাৰৰ পৰা বঞ্চিত হৈ আছে অধ্যাপক দুগৰাকী ।

govt employee tortured by making D voter
চৰকাৰী চাকৰিয়ালক ডি ভোটাৰ

জনীয়া,11 জানুৱাৰী : বৰপেটা জিলাৰ কলগাছিয়াত স্বদেশী চাকৰিয়াল লোকক ডি ভোটাৰ সজাই কৰা হৈছে হাৰাশাস্তি ৷ সুদীৰ্ঘ 23 বছৰ ধৰি ভোটাধিকাৰৰ পৰা বঞ্চিত হৈ আছে এইসকল লোক ৷

জানিব পৰা মতে, এনআৰচি উন্নীতকৰণৰ তালিকাতো নাম অন্তৰ্ভুক্ত নহ’ল এইসকল চাকৰিয়াল লোকৰ ৷ আদালতে স্বদেশী বুলি ঘোষণা কৰাৰ পাচতো নুগুচিল অভিশপ্ত ‘ডি’ চিহ্ন। ‘ডি’ৰ বাবে চৰকাৰী সা-সুবিধাৰ লগতে পাৰপত্ৰ, পিআৰচিৰ পৰাও বঞ্চিত হৈ আছে ডি ভোটাৰ পৰিয়াল ।

চৰকাৰী চাকৰিয়ালক ডি ভোটাৰ

কলগাছিয়াৰ আব্দুল কদ্দুচ তালুকদাৰ আৰু আজাহাৰুল ইছলাম নামৰ দুগৰাকী লোকে নৱজ্যোতি মহাবিদ্যালয়ত চৰকাৰী চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিছে যদিও তেওঁলোকৰ নামৰ আগত 1997 চনৰ পৰা ভিত্তিহীনভাৱে ‘ডি’ চিহ্ন বহুৱাই দিয়া হৈছে ৷ যাৰ ফলস্বৰূপে অধ্যাপক দুগৰাকীয়ে বিগত 23 বছৰ ধৰি বঞ্চিত হৈ আছে ভোটাধিকাৰৰ পৰা ।

ইয়াৰ ফলত 215 চনৰ এনআৰচি উন্নীতকৰণৰ তালিকাত নাম অহা নাই তেওঁলোকৰ বংশ-পৰিয়ালৰ । অৱশ্যে উচ্চতম ন্যায়ালয়ে আব্দুল কদ্দুচ তালুকদাৰ আৰু আজাহাৰুল ইছলামক প্ৰকৃত ভাৰতীয় নাগৰিক বুলি স্বীকৃতি দিছে যদিও একমাত্ৰ ‘ডি’ৰ কাৰণে সন্দেহযুক্ত নাগৰিকৰ দৰে ভয় আৰু শংকাত দিন কটাবলগীয়া হৈছে দুয়োগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপকে ৷

লগতে পঢ়ক : কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা কয়দীৰ কৰ্ম-সংস্কৃতিৰ নিদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.