ETV Bharat / state

Panic over plastic rice: সাৱধান, সুলভ মূল্যৰ দোকানৰ পৰা আপুনিও আনিছে নেকি প্লাষ্টিকৰ চাউল ? - সুলভ মূল্যৰ দোকানৰ পৰা আপুনিও আনিছে নেকি প্লাষ্টিকৰ চাউল

খাদ্যৰ নামত চৰকাৰে দৰিদ্ৰ হিতাধিকাৰীক খুৱাইছে নেকি বৰবিহ ! চৰকাৰী সুলভ মূল্যৰ দোকান যোগে সৰভোগৰ দৰিদ্ৰ হিতাধিকাৰীক যোগান ধৰা হৈছে নেকি প্লাষ্টিকৰ চাউল ! যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ গৃহ সমষ্টি সৰভোগৰ চৰকাৰী সুলভ মূল্যৰ দোকানত ওলাইছে প্লাষ্টিকৰ চাউল (Plastic rice in Sorbhog)৷ অভিযোগ সৰভোগৰ একাংশ দৰিদ্ৰ হিতাধিকাৰীৰ ৷

Panic over plastic rice
সুলভ মূল্যৰ দোকানৰ পৰা আপুনিও আনিছে নেকি প্লাষ্টিকৰ চাউল
author img

By

Published : Jul 27, 2022, 1:48 PM IST

বৰপেটাৰোড, ২৭ জুলাই : বৰপেটাৰ সৰভোগত ভয়ংকৰ ঘটনা । চৰকাৰে হিতাধিকাৰীক প্ৰদান কৰিছে প্লাষ্টিকৰ চাউল (Government supplies plastic rice to beneficiaries)! সুলভ মূল্যৰ দোকানীয়ে হিতাধিকাৰীক প্লাষ্টিকৰ চাউল যোগান ধৰাৰ অভিযোগ ৰাইজৰ । সমগ্ৰ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ উত্তেজনা ।

সৰভোগৰ ৪ নং ৱাৰ্ডৰ কেইবাটাও দৰিদ্ৰ হিতাধিকাৰীয়ে সৰভোগৰ নৃপেন নামৰ এগৰাকী লোকৰ চৰকাৰী সূলভ মূল্যৰ দোকানৰ পৰা চৰকাৰে যোগান ধৰা চাউল আনিছিল । কিন্তু এগৰাকী হিতাধিকাৰীয়ে চাউলখিনি ধুবলৈ লওঁতেই আচৰিত হৈ পৰে । কিয়নো পানীত দিয়াৰ লগে লগে চাউলখিনি পানীত ওপঙি উঠে ৷ চাউলখিনি পানীত ওপঙি উঠাত হতভম্ব হৈ পৰে হিতাধিকাৰী মহিলাগৰাকী ৷ লগে লগে চাউলখিনি প্লাষ্টিকৰ বুলি মনত সন্দেহ ওপজে মহিলাগৰাকীৰ ।

সুলভ মূল্যৰ দোকানৰ পৰা আপুনিও আনিছে নেকি প্লাষ্টিকৰ চাউল

সেয়ে উক্ত পৰা একলগে চাউল অনা আন এঘৰত গৈ তেওঁলোকৰ চাউলখিনিও পৰীক্ষা কৰে মহিলাগৰাকীয়ে । সেইটো পৰিয়ালৰ চাউলখিনিও পানী ওপঙি থকাত চাউলখিনি প্লাষ্টিকৰ বুলি তেওঁলোক নিশ্চিত হয় ৷ পাছত এখন চামুচত চাউল অলপ লৈ জুই লগাই দিয়াত চাউলখিনিত জুই লাগি গলি যায় আৰু দুৰ্গন্ধ ওলায় ৷ লগে লগে অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । চৰকাৰে দৰিদ্ৰ ৰাইজক এনেদৰে প্লাষ্টিকৰ চাউল যোগান ধৰা বুলি গুৰুতৰ অভিযোগ তোলে অঞ্চলটোৰ মহিলাসকলে (Fair price shopkeepers give plastic rice in Sorbhog)।

ইফালে প্লাষ্টিকৰ চাউলৰ ভাত খাই পেটৰ বিষ হোৱাৰ লগতে কণ কণ শিশুৰ পেটৰ বিভিন্ন সমস্যাই দেখা দিয়া বুলিও অভিযোগ কৰে সৰভোগৰ হিতাধিকাৰী মহিলাসকলে ৷ ক্ষোভিত মহিলাসকলে চৰকাৰক অনুৰোধ জনাইছে যদি চৰকাৰে দৰিদ্ৰক সহায় কৰিব বিচাৰিছে তেন্তে প্লাষ্টিকৰ চাউল যোগান নধৰি ভাল চাউল যোগান ধৰক ৷ অন্যথা বন্ধ কৰি দিয়ক প্লাষ্টিকৰ চাউল ৷

এতিয়া প্ৰশ্ন হয় সঁচাকৈয়ে চৰকাৰে ৰাইজক চাউল প্লাষ্টিক যোগান ধৰিছে নেকি ! যদি সেয়া চাউল প্লাষ্টিকৰ নহয় তেন্তে যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ গৃহ সমষ্টি সৰভোগৰ চৰকাৰী সুলভ মূল্যৰ দোকানত কোনে যোগান ধৰিলে প্লাষ্টিকৰ চাউল ? অৱশ্যে এই সন্দৰ্ভত যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কি উত্তৰ দিয়ে সেয়াহে লক্ষণীয় হ'ব ৷

লগতে পঢ়ক :Chenga Block Primary Health Center: বৰপেটাৰ চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ছাডেন ভিজিট জিলা উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.