ETV Bharat / state

ৰাজ্যৰ চাফাই কৰ্মচাৰীলৈ সু-খবৰ - জিলা উপায়ুক্ত

ৰাজ্যৰ চাফাই কৰ্মচাৰীসকলক ন্যূন্যতম নিৰিখত দৰমহা প্ৰদান, পিএমএ ৱাইৰ অধীনত আৱাসগৃহ নিৰ্মাণ আৰু প্ৰতিমাহে দৰমহা আদায়ৰ নিৰ্দেশ ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী আয়োগৰ উপাধ্যক্ষ বাবন ৰাৱটৰ ৷

ৰাজ্যৰ চাফাই কৰ্মচাৰীলৈ সু-খবৰ
ৰাজ্যৰ চাফাই কৰ্মচাৰীলৈ সু-খবৰ
author img

By

Published : Sep 30, 2021, 9:57 PM IST

বৰপেটা,৩০ ছেপ্তেম্বৰ : পূজাৰ পূৰ্বে ৰাজ্যৰ চাফাই কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ ৷ অতি নগন্য মাননিৰে বছৰ বছৰ ধৰি সেৱা আগবঢ়াই অহা চাফাই কৰ্মচাৰীসকলক শ্ৰম আইনৰ অধীনত ৰাজ্য চৰকাৰৰ ন্যূন্যতম মজুৰিৰ নিৰিখত দৰমহা আদায় আৰু আৱাসগৃহ নিৰ্মাণৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী আয়োগৰ উপাধ্যক্ষ বাবন ৰাৱটৰ ৷

ৰাজ্যৰ চাফাই কৰ্মচাৰীলৈ সু-খবৰ

চাৰিদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা ভাৰত চৰকাৰৰ সামাজিক ন্যায় অধিকাৰ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী আয়োগৰ উপাধ্যক্ষ বাবন ৰাৱটে বুধবাৰে বৰপেটাত উপস্থিত হৈ চাফাই কৰ্মচাৰীসকলৰ সমস্যা সমূহৰ বুজ লোৱাৰ লগতে জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হৈ এই নিৰ্দেশ প্ৰদান কৰে ৷

তদুপৰি চাফাই কৰ্মচাৰীসকলে মাহৰ পিচত মাহ দৰমহাৰ পৰা বঞ্চিত হৈ থকা, বাসগৃহ, পানী আৰু শৌচাগাৰৰ সমস্যা সমূহৰ সমাধানৰ ক্ষেত্ৰতো জিলা উপায়ুক্ত সকলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে৷ ৰাজ্যখনৰ চাফাই কৰ্মচাৰীসকলক এতিয়াৰেপৰা প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ অধীনত বাসগৃহ আৰু শৌচালয় প্ৰদান কৰা আৰু ৰাজ্যখনৰ চাফাই কৰ্মচাৰীসকলক প্ৰতিমাহে দৰমহা আদায় দিবলৈকো নিৰ্দেশ দিয়ে ৷

ইপিনে পৌৰসভা আৰু নগৰসমিতি সমূহৰ অধীনত বাসকৰা লোক আৰু ব্যৱসায় প্ৰতিষ্ঠান সমূহৰ পৰা কৰা সংগ্ৰহৰ ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়ে ৷ কৰ আদায় নিদিয়া লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়ে ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী আয়োগৰ উপাধ্যক্ষ গৰাকীয়ে ৷ চাফাই কৰ্মচাৰীসকলৰ অৱস্থাৰ বুজ লবলৈ অহা ৰাষ্ট্ৰীয় উপাধ্যক্ষ গৰাকীক চাফাই কৰ্মচাৰী সকলে সন্মুখীন হোৱা সমস্যা সমূহৰ বিষয়েও অৱগত কৰা দেখা যায় ৷

লগতে পঢ়ক : বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰক ধুবুৰীলৈ বদলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.