ETV Bharat / state

বৰপেটাত সোণৰ নাওঁসহ আটক দুই যুৱক - Bihar

বৰপেটা জিলাৰ হাউলী আৰক্ষীৰ তৎপৰতাত জব্দ কৰা হৈছে যীশুৰ প্ৰতীক চিহ্ন খোদিত এখন সোণৰ নাওঁ ৷ উক্ত নাওঁখন অবৈধভাৱে সৰবৰাহ কৰাৰ বাবে আৰক্ষীয়ে কৰায়ত্ত কৰিছে বিহাৰৰ দুগৰাকী যুৱকক ৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনা প্ৰসংগত অব্যাহত ৰাখিছে তদন্ত ৷

gold boat seized and caught two man in barpeta assam etv bharat news
সোণৰ নাওঁসহ আটক দুই যুৱক
author img

By

Published : Aug 25, 2020, 1:22 PM IST

বৰপেটা,25 আগষ্ট: বৰপেটাৰ মৌটুপুৰীত সোমবাৰে নিশা সোণৰ নাওঁসহ আটক কৰা হৈছে দুগৰাকী যুৱকক ৷ জিলাখনৰ হাউলীৰ সমীপৰ মৌটুপুৰীস্থিত 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যুৱক দুগৰাকীক আটক কৰে হাউলী আৰক্ষীয়ে ৷ ধৃত যুৱক দুগৰাকী বিহাৰৰ লক্ষ্মীপুৰ থানাৰ অন্তৰ্গত চবলপুৰ গাঁৱৰ বাসিন্দা বসন্ত কুমাৰ সিং আৰু ৰমেশ কুমাৰ সিং বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে,আৰক্ষীয়ে যুৱকৰ দলটোৰ পৰা উদ্ধাৰ কৰা সোণৰ নাওঁখনত খোদিত আছে ভগৱান যীশুৰ প্ৰতীক চিহ্ন ৷

হাউলী আৰক্ষীৰ সফল অভিযান

ঘটনাৰ বিৱৰণী অনুসৰি,যুৱক দুগৰাকীয়ে বৰপেটাৰোড চহৰৰ পৰা এখন টেম্প’ৰে হাউলী অভিমুখে আহি আছিল ৷ আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চলোৱা অনুসন্ধানৰ ফলতে কৰায়ত্ত কৰে অবৈধভাৱে সোণ সৰবৰাহকাৰী যুৱক দুগৰাকীক ৷ এই সমস্ত অভিযানৰ নেতৃত্ব দিয়ে হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসে ৷ আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা অনুসৰি,জব্দ কৃত সোণখিনি আচল নে নকল সেয়া এতিয়াও পৰীক্ষা কৰা হোৱা নাই ৷ যীশুৰ প্ৰতীক চিহ্ন অংকিত সোণৰ নাওঁখন কিদৰে আৰক্ষীৰ চকুত ধূলি মাৰি যুৱকদ্বয়ে হাউলীলৈ আনিছিল সেই সম্পৰ্কে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে চাওকঃ বিশ্বনাথত লুইতৰ বুকুত ২০ খনৰো অধিক গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.