ETV Bharat / state

Charges against Gaobura for taking bribe: প্ৰমাণ পত্ৰ প্ৰদানৰ নামত চৰকাৰী গাঁওবুঢ়াৰ দ্বাৰা ধন দাবীৰ অভিযোগ - Charges against Gaobura for taking bribe

চৰকাৰী গাঁওবুঢ়াৰ কৰ্মকাণ্ডত অতিষ্ঠ এখন গাঁৱৰ ৰাইজ । গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ প্ৰদানৰ নামত গাঁওবাসীৰ পৰা ২০০ টকাকৈ লোৱাৰ অভিযোগ কলগাছিয়া আৰক্ষী থানাৰ অধীনস্থ টাপাজুলী গাঁৱৰ গাওঁবুঢ়াৰ বিৰুদ্ধে(Gaonburha alleged taking money from villagers) । শীঘ্ৰেই গাঁওবুঢ়াক নিলম্বনৰ দাবী ।

Government Gaonburha illegally collecting money)
চৰকাৰী গাঁওবুঢ়াৰ কৰ্মকাণ্ডত অতিষ্ঠ এখন গাঁৱৰ ৰাইজ
author img

By

Published : Feb 22, 2023, 2:20 PM IST

চৰকাৰী গাঁওবুঢ়াৰ কৰ্মকাণ্ডত অতিষ্ঠ এখন গাঁৱৰ ৰাইজ

কলগাছিয়া,২২ ফ্ৰেব্ৰুৱাৰী: পঞ্চায়তে তথা বিভিন্ন চৰকাৰী কাৰ্যালয়ত হোৱা অবাধ দুৰ্নীতিয়ে জুৰুলা কৰিছে সাধাৰণ ৰাইজক । যিকোনো কামৰ বাবে চৰকাৰী কাৰ্যালয়লৈ গ'লে ধন নিদিয়াকৈ কোনো কাম নোহোৱাতো যেন স্বাভাৱিক কথা হৈ পৰিছে । ইফালে চৰকাৰী কাৰ্যালয়ত সাধাৰণ ৰাইজক ধন বিচাৰি হাৰাশাস্তি কৰা মধ্যভোগীৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন । কিন্তু চৰকাৰী গাঁওবুঢ়াক নাকী লগাব কোনে ?

এখন সাধাৰণ কাগজ প্ৰদানৰ নামতো ধন সংগ্ৰহ কৰাৰ অভিয়োগ উত্থাপন হৈছে চৰকাৰী গাঁওবুঢ়াৰ বিৰুদ্ধে(Government Gaonburha in corruption) । চৰকাৰী গাঁওবুঢ়াৰ কৰ্মকাণ্ডত অতিস্থ হৈ পৰিছে এখন গাঁৱৰ ৰাইজ । গাঁওখনৰ গাঁওবুঢ়াই প্ৰমাণ পত্ৰ প্ৰদানৰ নামত ১০০ ৰ পৰা ২০০ টকাকৈ অবৈধ ভাবে সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে(Allegations of illegally collecting money to issue gaonburha certificates) । কেৱল অভিযোগেই নহয় ধন সংগ্ৰহৰ সমগ্ৰ দৃশ্য বন্দী হৈছে গোপন কেমেৰাত । অতি শীঘ্ৰেই গাঁওবুঢ়াক নিলম্বনৰ দাবী স্থানীয় ৰাইজৰ ।

গাঁওবুঢ়াৰ এখন প্ৰমাণপত্ৰৰ মূল্য ২০০ টকা । এই অভিযোগ বৰপেটা জিলাৰ এগৰাকী গাঁওবুঢ়াৰ বিৰুদ্ধে(Government Gaonburha illegally collecting money) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাওঁবুঢ়াৰ প্ৰমাণপত্ৰ প্ৰদানত কোনো ধন ল'ব নোৱাৰে বুলি ঘোষণা কৰাৰ সময়তে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অধীনস্থ টাপাজুলী গাঁৱৰ গাওঁবুঢ়াৰ সাহস এয়া । দুৰ্নীতি বিৰোধী চৰকাৰক বুঢ়া আঙুলি দেখুৱাই নিৰ্ভয়ে এনে কাণ্ড সংঘটিত কৰি গৈছে এইগৰাকী চৰকাৰী গাঁওবুঢ়া হামিদে ।

প্ৰমাণপত্ৰ প্ৰদানৰ নামত প্ৰতিদিনেই গাঁওবুঢ়াই ধন দাবী কৰি থকা কাণ্ডত অতিষ্ঠ হৈ কোনো লোকে গাঁওবুঢ়াৰ কৰ্মকাণ্ড বন্দী কৰি থয় গোপন কেমেৰাত । উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ ধন আবণ্টনৰ বাবে তাপাজুলি গাঁৱৰ প্ৰতিজন দুখীয়া হিতাধিকাৰীক গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ জমা দিব লাগে বুলি নিৰ্দেশ দিয়া হৈছে । যাৰ ফলত ৰাইজে স্থানীয় তাপাজুলি গাঁৱৰ হামিদ গাওঁবুঢ়াৰ কাষ চাপে ।

কিন্তু গাঁওবুঢ়াই টকা নহ'লে প্ৰমানপত্ৰ নিদিয়ে । ২০০ টকাৰ বিনিময়ত বিক্ৰী কৰিছে গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ । যাৰ বাবে অঞ্চলটোৰ একাংশ ভুক্তভোগী ৰাইজে সংবাদ মাধ্যমৰ আগত হামিদ গাঁওবুঢ়াৰ বিৰুদ্ধে উত্থাপন কৰিছে এই অভিযোগ । ৰাইজৰ অভিযোগ অনুসৰি হামিদ গাঁওবুঢ়াই দৰিদ্ৰ লোকসকলৰ পৰা প্ৰমাণ পত্ৰ প্ৰদানৰ নামত ১০০ ৰ পৰা ২০০ টকাকৈ অবৈধভাবে সংগ্ৰহ কৰি আছে । অৱশেষত ৰাইজে অতিষ্ঠ হৈ সংবাদমাধ্যমৰ জৰিয়তে এনে গাঁওবুঢ়া নিলম্বনৰ দাবী জনোৱাৰ লগতে এগৰাকী সুশিক্ষিত গাঁওবুঢ়া নিযুক্তিৰ দাবী উত্থাপন কৰে । এতিয়া প্ৰশাসনে হামিদ গাঁওবুঢ়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: Fraud arrested in Guwahati : দগা-পাল্লা নৱীকৰণৰ নামত ধন সংগ্ৰহ কৰিবলৈ আহি প্ৰৱঞ্চক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.