ETV Bharat / state

গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ পঞ্চায়ত সদস্যৰ

author img

By

Published : Dec 18, 2020, 9:48 PM IST

৫৫ নং কলগাছিয়া গাঁও পঞ্চায়তৰ সভাপতি ৰফিক ভূঞাৰ বিৰুদ্ধে অনা অনাস্থা সন্দৰ্ভত পুনৰ ভোট গ্ৰহণ । ১০ গৰাকী পঞ্চায়ত সদস্য-সদস্যাই ভোট দান কৰিলে অনাস্থাৰ সপক্ষে ।

গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা সন্দৰ্ভত পুনৰ ভোট গ্ৰহণ

জনীয়া, 18 ডিচেম্বৰ : বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫৫ নং কলগাছিয়া গাঁও পঞ্চায়তৰ সভাপতি ৰফিক ভূঞাৰ বিৰুদ্ধে পঞ্চায়ত খনৰে ১০ গৰাকী সদস্য-সদস্যাই ১২ দফীয়া অভিযোগৰ ভিত্তিত যোৱা ১৭ আগষ্টত গ্ৰহণ কৰিছিল অনাস্থা প্ৰস্তাৱ । উক্ত অনাস্থা প্ৰস্তাৱৰ ভিত্তিত আজি কলগাছিয়া ৰূপসী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত কলগাছিয়া গাঁও পঞ্চায়ৰ সচিব ছফিউৰ ৰহমানৰ সভাপতিত্বত এখন বিশেষ সভা অনুষ্ঠিত হয় ।

উক্ত সভাৰ অন্তত সভাপতি ৰফিক ভূঞাৰ বিৰুদ্ধে অনা অনাস্থাক ভিত্তি কৰি ১৯৯৪ চনৰ পঞ্চায়ত আইনৰ ১৫ নং ধাৰাৰ অধীনত গণতান্ত্ৰিক পদ্ধতিৰে গোপন বেলটৰ জৰিয়তে ভোট গ্ৰহণ অনুষ্ঠিত হয় । এই ভোটদানত ১০ গৰাকী পঞ্চায়ত সদস্য-সদস্যাই অনাস্থাৰ সপক্ষে ভোট দান কৰিছে বুলি জানিব দিয়ে ৰূপসী আঞ্চলিক সভাপতিয়ে ।

অতি সোনকালে অনাস্থা প্ৰস্তাৱ গৃহীত কৰাৰ বাবে বৰপেটা জিলাৰ উপায়ুক্তক আবেদন কৰে সদস্য-সদস্যাই । এই ক্ষেত্ৰত ১০ গৰাকী সদস্য-সদস্যাই অনা ১২ দফীয়া অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰে কলগাছিয়া গাঁও পঞ্চায়তৰ নিৰ্বাচিত সভাপতি ৰফিক ভূঞাই ।

লগতে পঢ়ক : গোলাঘাটৰ চিকিৎসালয়ত শূণ্য হ'ল ক'ভিড ৰোগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.