ETV Bharat / state

Satra Land Encroached : বৰপেটাত বিজেপি নেতাৰ বিৰুদ্ধে সত্ৰৰ মাটি বেদখলৰ অভিযোগ - case against Barpeta BJP general secretary

যিসময়ত সত্ৰৰ মাটি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে সত্ৰ আয়োগ গঠনেৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে, সেই সময়তে বৰপেটাত বিজেপি নেতাই সত্ৰৰ মাটি বেদখলকাৰীৰ ৰূপত অৱতীৰ্ণ হোৱাৰ অভিযোগ উত্থাপন হৈছে (BJP leader alleged encroached Satra land) ৷

Barpeta
Barpeta
author img

By

Published : Dec 10, 2022, 1:32 PM IST

বৰপেটাত বিজেপি নেতাৰ বিৰুদ্ধে সত্ৰৰ মাটি বেদখলৰ অভিযোগ

বৰপেটা, ১০ ডিচেম্বৰ : যিসময়ত সত্ৰৰ মাটি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে সত্ৰ আয়োগ গঠনেৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে, সেই সময়তে বৰপেটাত বিজেপি নেতাই সত্ৰৰ মাটি বেদখলকাৰীৰ ৰূপত অৱতীৰ্ণ হোৱাৰ অভিযোগ উত্থাপন হৈছে (BJP leader alleged encroached Satra land) ৷

মাধৱদেৱ মহাপুৰুষে স্থাপন কৰা গণককুছি সত্ৰৰ দখলত থকা ৫ বিঘা মাটি এটা স্বেচ্ছাসেৱী সংস্থাৰ নামত বিজেপি নেতাজনে বেদখল কৰাৰ অভিযোগ সত্ৰ সমিতিৰ (Ganakkuchi Satra land encroached by BJP leader) ৷ সত্ৰৰ দখলত থকা মাটি বেদখলৰ বিৰুদ্ধে বিজেপি নেতা মুকুটৰঞ্জন দাসৰ বিৰুদ্ধে বৰপেটা সদৰ থানা আৰু আদালতত গোচৰ ৰুজু কৰিছে গণককুছি সত্ৰ সমিতিয়ে (Ganakkuchi Satra FIR against land encroachment) ৷

উল্লেখ্য যে মুকুটৰঞ্জন দাস বিজেপিৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক ৷ হিউমেন ৰিছ'ৰ্চ চেণ্টাৰ নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ নামত বিজেপি নেতাজনে সত্ৰখনৰ মাটি বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছে গণককুছি সত্ৰ পৰিচালনা সমিতিয়ে ৷ বৰপেটা সদৰ থানাত দাখিল কৰা এজাহাৰত সত্ৰৰ মাটি বেদখল কৰা বিজেপি নেতাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী গণককুছি সত্ৰ পৰিচালনা সমিতিৰ (case against Barpeta BJP general secretary) ৷

ইপিনে গণককুছি সত্ৰ পৰিচালনা সমিতিয়ে উত্থাপন কৰা অভিযোগ নাকচ কৰিছে বিজেপি নেতা মুকুৰঞ্জন দাসে ৷ সত্ৰৰ নামত কেইজনমান যুৱকে তেওঁক বদনামী কৰাৰ অভিসন্ধি কৰা বুলি অভিযোগ মুকুটৰঞ্জন দাসৰ ৷ তেওঁৰ দাবী, ২০০০ চনৰ পৰা ২০ বছৰ ধৰি উক্ত মাটি ভোগ দখল কৰি আছে সংস্থাটোৱে ৷ ২০১০ চনত চৰকাৰীভাৱে তেওঁক এবিঘা মাটিৰ আবণ্টন প্ৰদান কৰিছে জিলা প্ৰশাসনে (Ganakkuchi Satra Barpeta alleged land encroachment) ৷

আনকি আবণ্টন প্ৰদানৰ নথিও দাঙি ধৰিছে বিজেপি নেতাগৰাকীয়ে ৷ ইপিনে যদিহে সত্ৰৰ হাতত মাটিৰ কোনো নথি আছে তেন্তে তেনেকুৱা তথ্য দাখিল কৰিবলৈ সত্ৰ পৰিচালনা সমিতিক ওলোটাই প্ৰত্যাহ্বান জনাইছে বিজেপি নেতা মুকুটৰঞ্জন দাসে ৷ সত্ৰৰ মাটি বুলি তথ্য দাখিল কৰিলেই তেওঁ মাটিখিনি এৰি দিব বুলিও জনাইছে বিজেপি নেতাজনে ৷

যিসময়ত সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে চৰকাৰে হাতে-কামে লাগি আছে, তেনেসময়তে বিজেপি নেতাৰ বিৰুদ্ধে মাটি দখলৰ অভিযোগ আৰু সত্ৰৰ বিৰুদ্ধে বিজেপি নেতাজনৰ প্ৰতি-অভিযোগক লৈ ৰাইজৰ মাজত চলিছে ব্যাপক চৰ্চা ৷

লগতে পঢ়ক :Soil mining in Mangaldoi: মাটি খননৰ বিৰুদ্ধে মঙলদৈত ৰাইজৰ প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.