বৰপেটা, ২৪ অক্টোবৰ : শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া তথা শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক বশিষ্ঠদেৱ শৰ্মাদেৱে (Basistha Dev Sharma no more) ৷ তেখেতৰ নশ্বৰদেহ নিশাই বৰপেটাৰ সুন্দৰীদিয়াস্থিত বাসভৱনলৈ অনাৰ পাছত দেওবাৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় (Last tribute to Satradhikar Basistha Dev Sharma) ।
দেওবাৰে পুৱা প্ৰয়াত সত্ৰাধিকাৰগৰাকীৰ নশ্বৰদেহ তেখেতৰ বাসভৱনৰ পৰা উলিয়াই এক বৃহৎ সমদলেৰে সমগ্ৰ বৰপেটা পৰিভ্ৰমণ কৰা হয় । বাসভৱনৰ পৰা নশ্বৰদেহ পোনপ্ৰথমতে সুন্দৰীদিয়া সত্ৰলৈ নিয়া হয় । তাৰ পাছত ৰাখাল থান, চূণপোৰা ভিঠি থান, বৰপেটা বজাৰ আদি হৈ বৰপেটা সত্ৰৰ সমীপৰ সত্ৰৰ বাছ আস্থানলৈ নিয়া হয় (Funeral of Basistha Dev Sharma) ।
সেই স্থানতে প্ৰয়াত সত্ৰাধিকাৰ গৰাকীৰ নশ্বৰদেহ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হয় । বুঢ়াসত্ৰীয়াগৰাকীক শেষবাৰৰ বাবে এবাৰ প্ৰত্যক্ষ কৰা তথা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে সমগ্ৰ বৰপেটা চহৰ লোকে লোকাৰণ্য হৈ পৰে । সমদলৰ সময়তো অগনন জনতাই পথৰ কাষে কাষে ৰৈ শেষ শ্ৰদ্ধা নিবেদন কৰে ।
জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে আপোন কৰি লোৱা বুঢ়াসত্ৰীয়াগৰাকীক সেয়েহে সকলোৱে দেওবাৰে সমদলৰ সময়ত অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় জনায় । অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড৹ সমুজ্জল ভট্টাচাৰ্য, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰকে আদি কৰি বিভিন্ন গৰাকী বিশেষ ব্যক্তি উপস্থিত হৈ প্ৰয়াত সত্ৰীয়াগৰাকীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰা পৰিলক্ষিত হয় ৷
উল্লেখ্য যে, সোমবাৰে অৰ্থাৎ আজি পুৱা ৯-৩০ বজাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা বৰপেটাত উপস্থিত হৈ বুঢ়াসত্ৰীয়া বাপজনাৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব ৷ ইয়াৰ পিচতে ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে টোপ ধ্বনি দিয়া হ’ব ৷ টোপধ্বনিৰ অন্তত বৰপেটা সত্ৰৰ পুৱাৰ প্ৰসংগৰ পাছতে বাপজনাৰ নশ্বৰদেহ বৰপেটা সত্ৰ চৌহদলৈ নিয়া হ’ব আৰু সত্ৰৰ কীৰ্তন ঘৰ প্ৰদক্ষিণ কৰাই থুল তিনিহাটীৰ তিনি বাটচৰালৈ নি অন্তিম সন্মান জনোৱা হ’ব ৷ ইয়াৰ পিচতে বৰপেটা সত্ৰৰ খটখটিৰ পূব পাৰে বাপজনাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব ৷
লগতে পঢ়ক: Basistha Dev Sharma no more : বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ জীৱনপঞ্জী