ETV Bharat / state

Free health camp in Barpeta: কলগাছিয়া পুথিভঁৰালত বিনামূলীয়া চিকিৎসা শিবিৰ

author img

By

Published : Nov 28, 2022, 10:18 PM IST

কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ উদ্যোগত আৰু কলগাছিয়া ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত কলগাছিয়া পুথিভঁৰালত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন(Free health camp at Kalgasia)। উক্ত শিৱিৰটোত ৫০ গৰাকীক চিকিৎসা সেৱা প্ৰদান কৰা হয় ।

Free health camp in Barpeta
কলগাছিয়া পুথিভঁৰালত বিনামূলীয়া চিকিৎসা শিবিৰ

জনীয়া, ২৮ নৱেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ উদ্যোগত আৰু কলগাছিয়া ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে কলগাছিয়া পুথিভঁৰালত বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় (Kolgachia Block Primary Health Centre)। উক্ত স্বাস্থ্য শিবিৰটো উদ্বোধন কৰে বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ নাজিৰুল ইছলামে।

উক্ত স্বাস্থ্য শিবিৰটোত ৰূপসী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীৰ লগতে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য এম মোজাম্মেল হুছেইন, নৱজ্যোতি মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ ছোৰমান আলী, কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ সদস্য আদি উপস্থিত থাকে (Free health camp in Kalgasia)। দেওবাৰৰ পৰা অনুষ্ঠিত বিনামূলীয়া চকু চিকিৎসা শিবিৰটোত ৫০ গৰাকীক চিকিৎসা সেৱা প্ৰদান কৰা হয় ।

ৰূপসী খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীই চকুৰ প্ৰতি যত্নবান হ'বলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে চকুৰ প্ৰতি অধিক গুৰুত্ব দিলে নিৰোগী হৈ থাকিব পাৰি আৰু নিৰোগী হৈ থাকিলে প্রতিটো ক্ষেত্ৰত আগুৱাই যোৱাটো সহজ হ'ব । আজিৰ এই চিকিৎসা শিবিৰত জনীয়া সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা ভালেসংখ্যক ৰাইজ উপস্থিত থাকে । উক্ত স্বাস্থ্য শিবিৰটোত ঔষধো বিতৰণ কৰা হয় ।

লগতে পঢ়ক:Masjid Committee Action: ড্ৰাগছ বিক্ৰেতা আৰু আসক্তৰ জানাজা নকৰে মছজিদত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.