ETV Bharat / state

Fraudster Arrested : কলগাছিয়াত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধনৰ হৰলুকি, আটক প্ৰৱঞ্চক - fraudster detained in Kalgachia Barpeta

কলগাছিয়াত ৰাইজে আটক কৰিলে প্ৰৱঞ্চকক (fraudster arrested at Kalgachia) । দৰিদ্ৰ মহিলাৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন প্ৰৱঞ্চনাৰে হৰলুকি কৰিছিল যুৱকজনে । ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে প্ৰৱঞ্চক মুফাজ্জেল হুছেইনক ।

Fraudster Arrested
কলগাছিয়াত ৰাইজে আটক কৰিলে প্ৰৱঞ্চকক
author img

By

Published : Apr 11, 2023, 1:35 PM IST

কলগাছিয়াত ৰাইজে আটক কৰিলে প্ৰৱঞ্চকক

কলগাছিয়া, ১১ এপ্ৰিল : বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে প্ৰৱঞ্চকৰ কবলত পৰিবলগা হৈছে সহজ-সৰল ব্যক্তি । বিশেষকৈ চৰকাৰী আঁচনিৰ ধন এটা চামে চলে বলে কৌশলে হস্তগত কৰাৰ বিভিন্ন কূট-কৌশল ৰচনা কৰি আহিছে । শেহতীয়াভাৱে বৰপেটা জিলাৰ কলগাছিয়াত সংঘটিত হৈছে তেনে এক প্ৰৱঞ্চনাৰ ঘটনা । কলগাছিয়াত দৰিদ্ৰ মহিলাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন প্ৰৱঞ্চনাৰে হৰলুকি কৰে এজন যুৱকে (fraud in PMGAY scheme) । অৱশ্যে এই ঘটনাত জড়িত যুৱকজনক ৰাইজে আটক কৰিবলৈ সক্ষম হয় (fraudster arrested in Kalgachia) ।

ইফালে এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক এক উত্তপ্ত পৰিস্থিতিৰ । উল্লেখ্য যে, বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত টাপেশ্বৰা গাঁও পঞ্চায়তৰ নদিয়ালপাৰা গাঁৱৰ দৰিদ্ৰ মহিলা ছালেহা খাতুন বলি হ'ব লগা হয় এই প্ৰৱঞ্চনাৰ । ছালেহা খাতুনৰ অজ্ঞতাৰ সুযোগ লৈ বেংকৰ পৰা টকা তোলাত সহায় কৰি দিব বুলি কৈ একে গাঁৱৰে প্ৰৱঞ্চক মুফাজ্জেল হুছেইনে মহিলাগৰাকীৰ আধাৰ কাৰ্ড আৰু ফিংগাৰ প্ৰিণ্ট লয় । পিচত গোপনে মহিলাগৰাকীৰ গৃহৰ টকা যুৱকজনৰ নিজৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি লয় ।

এইদৰে মুঠ ২০ হাজাৰ টকা নিজৰ একাউণ্টলৈ সলনি কৰে প্ৰৱঞ্চক যুৱকজনে (fraudster detained in Kalgachia Barpeta) । এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীৰ লগতে ৰাইজে । কিন্তু প্ৰৱঞ্চক মুফাজ্জেল হুছেইনে লিংক নাই বুলি কৈ মহিলাগৰাকীক বাৰে ওভতাই পঠায় । ইয়াৰ পূৰ্বেও এটা কিস্তিৰ ১০ হাজাৰ টকা উঠাই লোৱাৰ বাবদ মহিলাগৰাকীৰ পৰা বলপূৰ্বক এহাজাৰ টকা দালালি কৰি লোৱা বুলিও মহিলাগৰাকীয়ে জানিবলৈ দিছে ।

মঙলবাৰেও এইজন প্ৰৱঞ্চকে পুনৰ দাবনদিয়াত টকা উঠোৱাৰ বাবদ মহিলাগৰাকীক লৈ আহে যদিও উভতি যায় । পিচত কলগাছিয়াৰ এটা বেংক গ্ৰাহক সেৱা কেন্দ্ৰত মহিলাগৰাকীৰ টকা উঠাই উভতাৰ পথত দাবনদিয়া গাঁৱত স্থানীয় ৰাইজে খাপপিটি ৰৈ থাকি যুৱকজনক আটক কৰে । ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । অৱশ্যে পিছ মূহুৰ্ততে ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হোৱাত প্ৰৱঞ্চকজনক ৰাইজে আৰক্ষীক গতাই দিয়ে ।

লগতে পঢ়ক :Chabua Road Accident Case : ডিকমত ক্ষোভিত ৰাইজে জ্বলালে আৰক্ষীৰ বাহন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.