বৰপেটা,১৬ মাৰ্চ: প্ৰতিখন জিলাৰ লগতে বৰপেটা জিলাতো নিৰ্বাচনৰ গৰম বতাহ বলিছে । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে বিভিন্ন প্ৰাৰ্থীয়ে দলে-বলে মনোনয়ন পত্ৰ দাখিল কৰিছে বৰপেটাত । মঙলবাৰে জিলাখনৰ ৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে । বৰপেটা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া পলিটিকেল জাষ্টিচ পাৰ্টীৰ প্ৰাৰ্থী পিণ্টু ঘোষে মনোনয়ন দাখিল কৰাৰ বিপৰীতে জনীয়া সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ফাৰুক খানেও দাখিল কৰে মনোনয়ন পত্ৰ ।
আনহাতে,জিলা উপায়ুক্তৰ কাৰ্যালয়ত বাঘবৰ বিধানসভা সমষ্টিৰ ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়া (এ)ৰ প্ৰাৰ্থী চালিম খানেও মনোনয়ন দাখিল কৰে । একেদৰে সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ আৰপিআই (এ)ৰ প্ৰাৰ্থী আজিদুল ইছলামেও মনোনয়ন দাখিল কৰা দেখা গৈছে ৷ সৰভোগ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্যে নেচনেল ৰোড মেপ পাৰ্টীৰ প্ৰাৰ্থী মতিয়াৰ ৰহমানে সোমবাৰে ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰিছিল ৷
উল্লেখ্য যে, এতিয়ালৈ বৰপেটা জিলাৰ ৬ টা সমষ্টিৰ ভিতৰত বৰপেটা, সৰভোগ, জনীয়া, সৰুক্ষেত্ৰী আৰু বাঘবৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে মুঠ ৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে ৷
লগতে পঢ়ক: আজমলক ভাগ্য নিয়ন্তা হ’বলৈ নিদিওঁ: সৰ্বানন্দ সোণোৱাল