বৰপেটা, ৩১ জুলাইঃ শনিবাৰে অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ঈদ-উজ-জোহা ৷ পিছে বানত ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত লোকসকল এতিয়াও আশ্ৰয় লৈ আছে শিবিৰত ৷ আশ্ৰয় শিবিৰত থাকি ঈদ পালন কৰিবলগীয়া বৰপেটাৰ বহৰিৰ গোমা ফুলবাৰী অঞ্চলৰ ইছলামধৰ্মী লোকসকলৰ মাজত শুকুৰবাৰে অগপ নেতা ৰবিউল হুছেইনে বিশেষ সাহায্য সামগ্ৰী বিতৰণ কৰে ৷
অগপৰ বৰপেটা জিলা সমিতিৰ উপ সভাপতিগৰাকীয়ে গোমাফুলবাৰী চিনিয়ৰ মাদ্ৰাছা,গোমাফুলবাৰী এম ই মাদ্ৰাছা, গোমাফুলবাৰী টাইটেল মাদ্ৰাছা, গোমাফুলবাৰী ছোৱালী মাদ্ৰাছা আদিকে ধৰি অঞ্চলটোৰ বহু আশ্ৰয় শিবিৰত উপস্থিত হৈ ঈদ পালনৰ বাবে দুৰ্গত পৰিয়ালসমূহৰ মাজত গাখীৰ, চাউল, চেনি, বাদাম, খিচমিচ আদি সামগ্ৰীসমুহ বিতৰণ কৰাৰ লগতে ঈদ-উজ-জোহাৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
লগতে পঢ়কঃ সৰপথাৰত যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে সেউজী পাম