ETV Bharat / state

Flood in Barpeta: ভূটানৰ পানীয়ে ভাঙিলে কালভাৰ্ট - Assam flood update

ৰাজ্যজুৰি বানৰ সংহাৰ । নামনি অসমত অধিক ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি । এনে সময়তে ভূটানে এৰি দিয়া পানীয়ে অধিক বিপদ মাতিছে নামনি অসমৰ কেইবাখনো জিলালৈ । ভূটানৰ পানীয়ে প্ৰলয়ৰ সৃষ্টি কৰিছে চেঙা ৰাজহ চক্ৰত ।

Flood water overflows Culvert in Barpeta
ভূটানৰ পানীয়ে ভাঙিলে কালভাৰ্ট
author img

By

Published : Jun 24, 2023, 2:03 PM IST

ভূটানৰ পানীয়ে ভাঙিলে কালভাৰ্ট

বৰপেটা,২৪ জুন: বানত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে ৰাজ্যৰ চৌদিশে । কেউফালে মাথো পানী আৰু পানী । বহুজনে হেৰুৱাইছে আপোন ঘৰখন । নামনি অসমত যথেষ্ট বৃদ্ধি পাইছে বানৰ প্ৰকোপ । ইয়াৰ মাজতে বিপদৰ মাত্ৰা দুগুণে বৃদ্ধি কৰিছে ভূটানে এৰি দিয়া পানীয়ে । ভূটানে এৰি দিয়া পানীয়ে বিপদ মাতিছে নামনি অসমৰ কেইবাখনো জিলালৈ ।

ভূটানে এৰি দিয়া পানীয়ে বিভীষিকাৰ সৃষ্টি কৰিছে বৰপেটা জিলাতো । ভূটানে এৰি দিয়া বাঢ়নী পানীৰ ফলত বৰপেটা জিলাৰ বিভিন্ন ৰাজহ গাঁও বানপানীয়ে বুৰাই পেলাইছে । জিলাখনৰ কেইবাটাও ৰাজহ চক্ৰৰ কেইবাখনো ৰাজহ গাঁও বানপানীৰ কবলত পৰিছে । ভূটানৰ পানীয়ে চেঙা ৰাজহ চক্ৰত প্ৰলয়ৰ সৃষ্টি কৰিছে । শুকুৰবাৰে মাজনিশা বাঢ়নী পানীৰ প্ৰবল সোঁতত চেঙা-গণকপাৰা সংযোগী পথত থকা এটা কালভাৰ্ট উটি যায় ।

কালভাৰ্টটো উটি যোৱাৰ ফলত কেইবাখনো গাঁৱৰ ৰাইজৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে । আনহাতে প্ৰতিদিনে বাঢ়ি থকা কালভাৰ্টটোৰ কাষতে থকা শিৱ মন্দিৰটোলৈও আহিছে ভাবুকি । কোন মুহূৰ্তত শিৱ মন্দিৰটো বানত উটি যায় তাৰ কোনো নিশ্চয়তা নাই । স্থানীয় ৰাইজে শিৱ মন্দিৰটো ৰক্ষা কৰিবলৈ ছিগি যোৱা পথছোৱাত গছ-গছনি পেলাই প্ৰতিৰোধৰ ব্যৱস্থা কৰা পৰিলক্ষিত হয় ।

ইতিমধ্যেই ঘটনাস্থলীত চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰিমা কৌশিক আৰু প্ৰশাসনৰ কিছু লোক উপস্থিত হোৱা বুলি জানিব পৰা গৈছে । চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াই ঘটনাস্থলীত উপস্থিত হৈ জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰি শিৱ মন্দিৰটো ৰক্ষা কৰিবলৈ জনাই । উল্লেখ্য যে শুকুৰবাৰে দিনটোত নলবাৰীৰ ধমধমা নিকটৱৰ্তী জাৰতালুকত বানপীড়িত অঞ্চল আৰু মথাউৰি পৰিদৰ্শন কৰি মন্ত্ৰী পীয়ূষ হাজৰীকা আৰু জয়ন্ত মল্ল বৰুৱাই এই সন্দৰ্ভত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ।

ইতিমধ্যেই বৰপেটাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া পানীৰ তলত । চেঙা সমষ্টিত বানে লৈছে ভয়ংকৰ ৰূপ । কেইবাখনো গাঁও এতিয়া বানৰ তলত । পকী পথৰ ওপৰেৰে বৈছে পানীৰ সোঁত । বানৰ ফলত বিভিন্ন বাট-পথ খহি যোৱা পৰিলক্ষিত হৈছে । এনে পৰিপ্ৰেক্ষিতত ভূটানৰ পৰা এৰিদিয়া পানীয়ে আৰু অধিক বিপদ মাতিছে বৰপেটাবাসীলৈ ।

লগতে পঢ়ক: Flood Situation in Assam: বানৰ কৱলত প্ৰায় ৪.৮৯ লাখ লোক, মৃত্যুৰ সংখ্যা ২ জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.