জনীয়া,14ছেপ্তেম্বৰঃ সমগ্ৰ ৰাজ্যতে প্ৰলয়ংকাৰী বানে ত্ৰাসৰ সৃষ্টি কৰি যোৱাৰ পিছতে বিধ্বস্ত হৈ পৰিছে ৰাজ্যৰ বাট-পথ,ঘৰ-দুৱাৰ ৷ তেনে এক দৃশ্য দেখা পোৱা গ'ল কলগাছিয়াত ৷ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত লাচাংগা গাঁৱত বানপানীয়ে বিস্তৰ ক্ষতি সাধন কৰে ৷ বানত অঞ্চলটোৰ বহু বাট-পথ বিধ্বস্ত হোৱাৰ উপৰিও বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ লগতে বহু দৰিদ্ৰ পৰিয়ালৰ বাসগৃহৰ ক্ষতিসাধন কৰে ৷
তদুপৰি অঞ্চলটোৰ মোৱামাৰীৰ পৰা লাচাংগা বজাৰলৈ যোৱা পকী পথৰ কেইবা ঠাই বানপানীয়ে ছিঙি নিয়াৰ ফলত যাতায়তৰ ক্ষেত্ৰত এতিয়া যমৰ যাতনাত ভুগিছে হাজাৰ-হাজাৰ পথচাৰীয়ে ৷ ইপিনে, লাচাংগা চকৰ পৰা বজাৰলৈ যোৱা নৱ নিৰ্মিত ব্লগ ইটাৰ পথো জহি-খহি যোৱাত যাতায়তত ব্যাঘাত জন্মিছে ৷ আনহাতে, ক্ষতিগ্ৰস্ত ৰাইজে সংবাদমাধ্যমৰ সমুখত ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰে স্থানীয় জনপ্ৰতিনিধি তথা চৰকাৰক ক্ষতিপূৰণ দিবলৈ দাবী জনায় ৷