ETV Bharat / state

firecracker ban: ফটকাৰ ওপৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞা, আতচবাজী কৰ্মীসকলৰ প্ৰতিক্ৰিয়া

সমাগত দীপাৱলী ৷ এইবাৰ দীপাৱলীত ফটকাৰ ব্যৱহাৰ বন্ধৰ বাবে দেশৰ উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে ৷ এই নিৰ্দেশনাক সেউজ সংকেত বুলি আদৰি লয় বৰপেটাৰ আতচবাজী উদ্যোগটোৰ কৰ্মচাৰীসকলে ৷

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 1:06 PM IST

firecrackers bans
Etv Bharat ফটকাৰ ওপৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞা, আতচবাজী কৰ্মীসকলৰ প্ৰতিক্ৰিয়া
ফটকাৰ ওপৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞা, আতচবাজী কৰ্মীসকলৰ প্ৰতিক্ৰিয়া

বৰপেটা, ১০ নৱেম্বৰ: পৰিৱেশ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি পোহৰৰ উৎসৱ দীপাৱলীত ফটকাৰ ব্যৱহাৰ বন্ধৰ বাবে দেশৰ উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে ৷ এইক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহক প্ৰয়েজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে ৷

উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনাই শতিকাজুৰি স্বকীয়তা বহন কৰি অহা বৰপেটাৰ আতচবাজী শিল্পটোৰ বাবে এয়া ইতিবাচক খবৰ বুলি অভিহিত কৰিছে শিল্পটোৰে জড়িত লোকসকলে । দীপাৱলীৰ প্ৰাকমুহূৰ্তত বিভিন্ন প্ৰকাৰৰ আতচবাজী প্ৰস্তুত কৰি তোলা বৰপেটাৰ আতচবাজী শিল্পটোৰে কৰ্মচাৰীসকলে কয় যে, ইয়ে গ্ৰীণ ক্ৰেকাৰছৰ বজাৰ ভাল কৰিব ৷

লক্ষণীয় যে, বৰপেটা আতচবাজী শিল্পৰ সৈতে জড়িত হৈ আহিছে বৰপেটাৰ মৃৎ শিল্পীসকলো । বৰপেটা আতচবাজী শিল্পৰ অন্যতম উৎপাদিত সামগ্ৰী 'কলগছ'ত ব্যৱহাৰ কৰা হয় বিশেষ মাটিৰ পাত্ৰ। বহিঃৰাজ্যত উৎপাদিত 'কলগছ'ত কাগজৰ পাত্ৰ ব্যৱহাৰ কৰাৰ ফলত সততে বিস্ফোৰণ হোৱাৰ বিপৰীতে মাটিৰ পাত্ৰৰ বাবে অধিক সুৰক্ষিত বৰপেটা আতচবাজীৰ 'কলগছ'। এইবেলি দীপাৱলীৰ বজাৰত বৰপেটাৰ আতচবাজীয়ে আশাপ্ৰদ সঁহাৰি লাভ কৰিব বুলি আশাবাদী কৰ্মীসকল ৷

138 বছৰীয়া বৰ্ণিল ইতিহাসৰ সাক্ষ্য বহন কৰা বৰপেটাৰ আতচবাজী শিল্পলৈ সুদিনৰ সম্ভাৱনা কঢ়িয়াই আনিছে বুলি সৰ্বোচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনাক শুভ বাৰ্তা বুলিয়েই গ্ৰহণ কৰিছে শিল্পটোৰ কৰ্মচাৰীসকলে ৷ 1885 শতিকাতে আৰম্ভ হোৱা এই আতচবাজী শিল্প উদ্যোগৰ আছে সুকীয়া ঐতিহ্য ।

বৰপেটা আতচবাজী নিৰ্মাণৰ প্ৰতিষ্ঠানটোত প্ৰস্তুত পদ্ধতিও সুকীয়া। শতিকা প্ৰাচীন প্ৰস্তুত প্ৰণালীৰ লগতে সম্পূৰ্ণ হস্তনিৰ্মিত বৰপেটাৰ আতচবাজী । বহিঃৰাজ্যৰ আতচবাজী নিৰ্মাণত ক্ষতিকাৰক বেৰিয়াম নাইট্ৰেট, ইউৰিয়া আৰু সীহ আদি ব্যৱহাৰৰ বিপৰীতে বৰপেটাৰ আতচবাজী নিৰ্মাণত ব্যৱহাৰ কৰা হয় সম্পূৰ্ণ প্ৰাকৃতিক উপাদান ।

বিশেষকৈ যখাৰ, এঙাৰৰ গুৰি আদি ব্যৱহাৰৰ জৰিয়তে গ্ৰীণ ক্ৰেকাৰ্চ তৈয়াৰত গুৰুত্ব আৰোপ কৰি আহিছে বৰপেটা আতচবাজী শিল্প উদ্যোগে । তাৰোপৰি চীন বা দেশৰ অন্য ৰাজ্যৰ পৰা অহা আতচবাজীসমুহত প্লাষ্টিক, ফইল পেপাৰ আদি ব্যৱহাৰৰ বিপৰীতে বৰপেটাৰ আতচবাজী প্ৰস্তুতৰ কামত মাটিৰ খোলা আৰু কাগজহে ব্যৱহাৰ কৰা হয় ৷ সেয়ে ই সোনকালে মাটিৰ সৈতে মিহলি হৈ যায় ৷

শব্দ প্ৰাবল্যৰ বিপৰীতে পোহৰৰ মায়াজাল বৰপেটাৰ আতচবাজীৰ বিশেষত্ব । বহিঃৰাজ্যৰ আতচবাজীৰ তুলনাত বহুগুণে নিৰাপদ-প্ৰদূষণমুক্ত বৰপেটাৰ আতচবাজী বুলি কৰ্মীসকলে দাবী কৰে ৷

লগতে পঢ়ক: Protest at Duliajan OIL Office : দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত অইলৰ মুখ্য পৰিচালকৰ পুত্তলিকা দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.