ETV Bharat / state

Obscene comments : মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে অশালীন মন্তব্য কৰা যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল - Obscene comments against political leader

বিভিন্ন সময়ত ৰাজ্যৰ মন্ত্ৰী-আমোলা বিভিন্ন লোকৰ কটু আৰু অশালীন মন্তব্যৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈ আহিছে (Obscene comments against political leader) ৷ তাৰ মাজতে এইবাৰ মন্ত্ৰী অতুল বৰাক অশালীন মন্তব্য কৰি দিপেনৰ দুৰ্দশা ৷

FIR lodged at Kalgachia police station for commenting against minister Atul Bora

author img

By

Published : Jul 17, 2022, 8:01 AM IST

Updated : Jul 17, 2022, 11:37 AM IST

জনিয়া, 17 জুলাই : ফেচবুকত মন্তব্য প্ৰদান কৰি শ’লঠেকত পৰিল এজন লোক ৷ বিভিন্ন সময়ত ৰাজ্যৰ মন্ত্ৰী-আমোলা বিভিন্ন লোকৰ কটু তথা অশালীন মন্তব্যৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈ আহিছে ৷ তাৰ মাজতে এইবাৰ মন্ত্ৰী অতুল বৰাক অশালীন মন্তব্য কৰি দিপেনৰ দুৰ্দশা (Obscene comments against minister Atul Bora) ৷

"যাতে ভৱিষ্যতে কোনো লোকে এনেকৈ সামাজিক মাধ্যমত বেয়া মন্তব্য কৰিব নোৱাৰে ৷ মই এই এজাহাৰৰ জৰিয়তে গোটেই অসমৰ মানুহক মই সঁকিয়াই দিব বিচাৰিছো ৷ এনে কাম যদি কোনো লোকে ভৱিষ্যতে কৰে তেনেহ'লে ৰক্ষা নাই ৷ মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই কালপ্ৰীটটোক অহা 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি এনেকুৱা শাস্তি বিহিবলৈ দাবী কৰিছো যাতে ইতিহাসৰ পাতত থাকি যায় ৷" সামাজিক মাধ্যমত কোনো সন্মানীয় ব্যক্তিক অপমানসূচক মন্তব্য নকৰিবলৈ সকীয়নি আয়ুবৰ ৷

মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে অশালীন মন্তব্য কৰা যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল

শনিবাৰে সন্ধিয়া অসম গণ পৰিষদ দলৰ জনীয়া কমিটিৰ সাধাৰণ সম্পাদক আয়ুব আশাদে দলটোৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু ছাত্ৰ পৰিষদৰ সভানেত্ৰী কস্তুৰী চুতীয়াক অশালীন মন্তব্য কৰা দিপেন দেউৰী নামৰ ব্যক্তিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ লোকজনক অতি সোনকালে কাৰাৰুদ্ধ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় আয়ুবে ৷ যাতে কোনো ব্যক্তিয়ে ভৱিষ্যতে এনেকুৱা অপমান সূচক মন্তব্য সামাজিক মাধ্যমত প্ৰকাশ কৰিবলৈ সাহস নাপায় তাৰ বাবে সকিয়াই দিয়ে নেতাজনে (Obscene comments against political leader) ৷

উল্লেখ্য যে, দিপেন দেউৰী নামৰ লোকজনে দুয়োগৰাকীকে চুতীয়া সম্প্ৰদায়ৰ লোক বুলি কৈ দলটোৰ লগতে দুয়োজনৰ সম্প্ৰদায়ৰ সন্দৰ্ভত অপমানসূচক মন্তব্য প্ৰদান কৰিছিল ৷

লগতে পঢ়ক:Scam in ASTC: অসম ৰাজ্যিক পৰিবহন নিগমত বৃহৎ নিযুক্তি কেলেংকাৰী

Last Updated : Jul 17, 2022, 11:37 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.