ETV Bharat / state

প্ৰসূতিৰ মৃত্যুৰ ঘটনাঃ চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ দাখিল - বৰপেটাৰোড আৰক্ষী থানা

বৰপেটাৰোড চৰকাৰী চিকিৎসালয়ত যোৱা ১৭ অক্টোবৰত একেদিনাই ৩ গৰাকীকৈ প্ৰসূতিৰ মৃত্যু ঘটাত প্ৰসুতিৰ পৰিয়ালৰ লোকে বৰপেটাৰোডৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকৰ গাফিলতিৰ বাবে প্ৰসূতি কেইগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ তুলি সোমবাৰে সন্ধিয়া বৰপেটাৰোড থানাত চাৰি চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷

fir-filled-against-doctors
প্ৰসূতিৰ মৃত্যুৰ ঘটনাঃ চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ দাখিল
author img

By

Published : Oct 19, 2020, 10:27 PM IST

বৰপেটাৰোড, 19 অক্টোবৰ : বৰপেটাৰোড চৰকাৰী চিকিৎসালয়ত যোৱা ১৭ অক্টোবৰত একেদিনাই ৩ গৰাকীকৈ প্ৰসূতিৰ মৃত্যু ঘটাত প্ৰসুতিৰ পৰিয়ালৰ লোকে বৰপেটাৰোডৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকৰ গাফিলতিৰ বাবে প্ৰসূতি কেইগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ তুলি সোমবাৰে সন্ধিয়া বৰপেটাৰোড থানাত চাৰি চিকিৎসকৰ বিৰুদ্ধে বৰপেটাৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ পাপৰি কলিতা আৰু অনুৰাধাৰ পৰিয়ালৰ লোকে এই মৰ্মান্তিক তথা হৃদয়বিদাৰক ঘটনাৰ তদন্ত কৰি চিকিৎসকক শাস্তি দিবলৈও দাবী জনায় ৷

অস্ত্ৰোপচাৰৰ অন্তত চিকিৎসালয়খনত ১৭ অক্টোবৰত মৃত্যু হোৱা প্ৰসূতি তিনি গৰাকী হৈছে হাউলীৰ যোশীহাটী পাৰাৰ আজমীনা খানম, সৰভোগৰ পাপৰি কলিতা আৰু মইনামাতাৰ অনুৰাধা শৰ্মা ৷ প্ৰসূতি কেইগৰাকীৰ অস্ত্ৰোপচাৰ কৰা চিকিৎসক কেইগৰাকী আছিল ডাঃ পৰেশ কলিতা, ডাঃ অৰূপ কলিতা আৰু ডাঃ মনোজ চৌধুৰীৰ আৰু চিকিৎসালয়খনৰ উপ অধীক্ষক ডাঃ সঞ্জীৱ সৰকাৰ ৷

প্ৰসূতিৰ মৃত্যুৰ ঘটনাঃ চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ দাখিল

আনহাতে এই ঘটনাৰ পাছত চিকিৎসালয়খনত গুৰুতৰ অনিয়ম চলি থকাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ৷

লগতে পঢ়ক: জম্মু-কাশ্মীৰত সুৰক্ষাকৰ্মীৰ গুলীত নিহত দুটা সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.