জনিয়া, 9 আগষ্ট : কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি গাঁৱত উত্তেজনা ৷ পশুখাদ্য চোৰাংভাৱে বিক্ৰী কৰাক কেন্দ্ৰ কৰি গাঁওবুঢ়াৰ বিৰুদ্ধে সৰব ৰাইজ ৷ বানাক্ৰান্ত কৃষকৰ বাবে চৰকাৰে ৪০ বস্তা পশুখাদ্য বিতৰণ কৰিবলৈ বালিকুৰি গাঁৱৰ চাৰি নং চাৰ্জৰ গাঁওবুঢ়া আব্দুল হামেদক প্ৰশাসনৰ ফালৰ পৰা দায়িত্ব দিছিল ৷ কিন্তু ৰাইজৰ মাজত মাত্ৰ ২৬ বস্তা পশুখাদ্য বিতৰণ কৰি বাকী বস্তা সমূহ আজিজুল হক নামৰ এজন ব্যাক্তিৰ ওচৰত জমা ৰাখে গাওঁবুঢ়াই । দেওবাৰে নিশাৰ ভাগত গোপনে গাওঁবুঢ়া আব্দুল হামেদ আৰু আজিজুল হকে মিলি ৰাইজক বিনামূলীয়াকৈ বিতৰণৰ বাবে অনা পশুখাদ্য সহিমুদ্দিন নামৰ এজন লোকৰ ওচৰত বিক্ৰী কৰে ।
ইফালে ৰাইজে খবৰ পাই বিক্ৰি হোৱা তিনি বস্তা চাপৰ আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পিছত চৰকাৰী সাহাৰ্যৰ নামত অহা পশুখাদ্য চোৰাং বজাৰত বিক্ৰী কৰাৰ বাবে ৰাইজৰ হৈ আব্দুৰ ৰহমানে অভিযুক্ত আজিজুল হক, আব্দুল হামেদ গাঁওবুঢ়া, আছৰুদ্দিন আৰু সহিমুদ্দিনৰ বিৰুদ্ধে বালিকুৰি থানাত এজাহাৰ দাখিল কৰিছে । এই ঘটনাৰ উচিত তদন্তৰ দাবী তুলিছে ৰাইজে ৷
লগতে পঢ়ক : শিলাদিত্য কাণ্ড: সাহিত্য সভাৰ দুগৰাকী প্ৰাক্তন সভাপতিৰ প্ৰতিক্ৰিয়া