ETV Bharat / state

কলগাছিয়াত দুখন চোৰাং ৰাসায়নিক সাৰ ভৰ্তি গাড়ী জব্দ - চোৰাং ৰাসায়নিক সাৰ

জব্দ 100 কুইণ্টল সুলভ মূল্যৰ ৰাসায়নিক সাৰ ৷ চোৰাং বজাৰত বিক্ৰীৰ বাবে লৈ যোৱা অৱস্থাত ৰাইজে জব্দ কৰে কৃষকৰ বাবে যোগান ধৰা প্ৰায় 100 কুইণ্টল সুলভ মূল্যৰ ৰাসায়নিক সাৰ

কলগাছিয়াত দুখন চোৰাং ৰাসায়নিক সাৰ ভৰ্তি গাড়ী জব্দ
author img

By

Published : Apr 2, 2019, 11:46 AM IST

বৰপেটা , 02 এপ্ৰিলঃকলগাছিয়াত সোমবাৰে দুখন চোৰাং ৰাসায়নিক সাৰৰ গাড়ী জব্দ কৰা হয় । চোৰাং বজাৰত বিক্ৰীৰ বাবে লৈ যোৱা অৱস্থাত ৰাইজে জব্দ কৰে কৃষকৰ বাবে যোগান ধৰা প্ৰায় 100 কুইণ্টল সুলভ মূল্যৰ ৰাসায়নিক সাৰ ।

কলগাছিয়াত দুখন চোৰাং ৰাসায়নিক সাৰ ভৰ্তি গাড়ী জব্দ

সোমবাৰে নিশা দৰিদ্ৰ কৃষক সকলক সুলভ মূল্যত যোগান ধৰিবলৈ আৱণ্টন দিয়া ৰাসায়নিক সাৰ সমূহ AS-15C-7973 আৰু AS-25CC-3722 নম্বৰৰ দুখন বলেৰ'পিক আপ বাহনেৰে বিক্ৰীৰ বাবে লৈ যোৱা হৈছিল ৷ তেনে সময়তে কলগাছিয়াত ৰাইজে চোৰাং ৰাসায়নিক সাৰ ভৰ্তি গাড়ী কেইখন জব্দ কৰে ৷ উল্লেখ্য যে বৰপেটাৰোডৰ ফৰমান আলীৰ অপ্সৰা বীজ ভাণ্ডাৰৰ পৰা কলগাছিয়াৰ বাংকাভাঙ্গা বজাৰৰ ছাবেদ আলী নামৰ এজন চোৰাং বেপাৰীৰ হাতত বিক্ৰী কৰিবলৈ লৈ যোৱা অৱস্থাত জব্দ কৰা হয় বাহন দুখন ৷ জব্দকৃত বলেৰ' পিক আপ বাহন দুখন ৰাইজে আৰক্ষীক গতাই দিয়ে । ইপিনে কৃষক সকলক বঞ্চিত কৰি শ শ কুইন্টল চৰকাৰী ৰাসায়নিক সাৰ এইদৰে ক'লা বজাৰত বিক্ৰী কৰা ঘটনাই কৃষক সমাজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । সেয়ে এই দুষ্কাৰ্যৰ লগত জড়িত থকা অসাধু ব্যৱসায়ী সকলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আমছুৰ লগতে কৃষক ৰাইজে দাবী জনায় ।

Slug : A_BAR_2APRIL_805TO808_ILLEGAL_FARTILIZER_SEIZED_VIS+BITE_BAPKAN_DAS

কলগাছিয়াত দুখন চোৰাং ৰাসায়নিক সাৰৰ গাড়ী জব্দ

বৰপেটা ২ এপ্ৰিল : কলগাছিয়াত দুখন চোৰাং ৰাসায়নিক সাৰৰ গাড়ী জব্দ । চোৰাং বজাৰত বিক্ৰীৰ বাবে লৈ যোৱা অৱস্থাত ৰাইজে জব্দ কৰে কৃষকৰ বাবে যোগান ধৰা প্ৰায় ১০০ কুইণ্টল সুলভ মূল্যৰ ৰাসায়নিক সাৰ । উল্লেখযোগ্য যে, দৰিদ্ৰ কৃষকক সুলভ মূল্যত যোগান ধৰিবলৈ আবণ্টন দিয়া ৰাসায়নিক সাৰ সোমবাৰে নিশাৰ ভাগত বৰপেটাৰোডৰ ফৰমান আলীৰ অপ্সৰা বীজ ভাণ্ডাৰৰ পৰা কলগাছিয়াৰ বাংকাভাঙ্গা বজাৰৰ ছাবেদ আলী নামৰ এজন চোৰাং বেপাৰীৰ হাতত বিক্ৰী কৰিবলৈ লৈ গৈ থকা অৱস্থাত কলগাছিয়াত ৰাইজে AS-15-C - 7973 আৰু  AS-25- CC- 3722 নম্বৰৰ দুখন বলেৰো পিক আপ বাহন আবদ্ধ কৰি আৰক্ষীক গতাই দিয়ে । সম্প্ৰতি কৃষকক বঞ্চিত কৰি শ শ কুইন্টল চৰকাৰী ৰাসায়নিক সাৰ এইদৰে কলা বজাৰত বিক্ৰী কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই দুষ্কাৰ্যৰ লগত জড়িত থকা অসাধু ব্যৱসায়ীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে আমছুৰ লগতে কৃষক ৰাইজে ।
বাইট: গাড়ীৰ চালক আৰু ৰাইজ ।                                     
 --- বাপকন দাস, বৰপেটা                                                                                 
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.