ETV Bharat / state

জনিয়াত ছহিদুল ইছলাম ফেনছ্ ক্লাৱৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান - সম্বৰ্ধনা অনুষ্ঠান

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা বিজেপিৰ কাৰ্যকৰ্তা ছহিদুল ইছলাম ফেনছ্ ক্লাৱৰ উদ্যোগত দেওবাৰে বৰপেটা জিলাৰ জনিয়া সত্ৰৰ ৰাজহুৱা সভাগৃহত, সমষ্টিটোৰ অন্তৰ্গত ভিন্ন অঞ্চলৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় ৷

felicitation program by shahidul islam fans club in jania

author img

By

Published : Jun 21, 2020, 7:44 PM IST

জনিয়া, 21 জুনঃ দেওবাৰে বৰপেটা জিলাৰ জনিয়া সত্ৰৰ ৰাজহুৱা সভাগৃহত, ছহিদুল ইছলাম ফেনছ্ ক্লাৱৰ উদ্যোগত সমষ্টিটোৰ অন্তৰ্গত ভিন্ন অঞ্চলৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় ৷ সম্বৰ্ধনা অনুষ্ঠানত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে জনিয়া মণ্ডল বিজেপিৰ সভাপতি গজেন দাসে ৷ সভাখনত সভাত বিজেপি দলৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক নৱজ্যোতি দাস, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা বিজেপিৰ কাৰ্যকৰ্তা ছহিদুল ইছলাম, কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ সভাপতি আলহাজ আব্দুল হাই, নৱজ্যোতি মহাবিদ্যালয়ৰ প্ৰবক্তা ডঃ ফখৰুল আলম, পালহাজি আঞ্চলিক কলেজৰ অধ্যক্ষ মজিবুৰ ৰহমান জনিয়া হাইস্কুলৰ প্ৰধান শিক্ষক চোলাইমান চৌধুৰীকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে ৷ প্ৰতিগৰাকী বক্তাই কৃতি ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে নিজকে দেশৰ সুনাগৰিক হিচাপে গঢ়ি সমাজৰ প্ৰতি দায়িত্বশীল হোৱাৰ বাবে আহ্বান জনায় ৷

জনিয়াত ছহিদুল ইছলাম ফেনছ্ ক্লাৱৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান

সভাৰ শেষত সাংবাদিকৰে হোৱা বৰ্তালাপত ছহিদুল ইছলামে তেওঁৰ নামত ফেনছ্ ক্লাৱ খোলা লোকসকলক ধন্যবাদ জ্ঞাপন কৰি, হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবেও কৃতজ্ঞতা জনায় ৷ লগতে অইন কৃতি ছাত্ৰ-ছাত্ৰী সকলৰো বিকাশত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ছহিদুল ইছলামে ৷ ইয়াৰোপৰি তেওঁ তেওঁৰ ফেনছ্ ক্লাৱৰ সদস্য সকলক ভাল-বেয়া সকলো সময়তে জনিয়া সমষ্টিৰ ৰাইজৰ লগত থাকিবলৈ আহ্বান জনায় ৷ এনে কৰিলেহে তেওঁৰ নামত ফেনছ্ ক্লাৱ গঠনৰ উদ্দেশ্য পুৰণ হ'ব বুলি উল্লেখ কৰে অধিবক্তা তথা বিজেপিৰ কাৰ্যকৰ্তা গৰাকীয়ে ৷ লগতে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাই তেওঁলোকক উদ্দেশ্যি তেওঁ কয়, হাইস্কুলৰ ফলাফলেই সকলো নহয় ৷ অনাগত দিনত ইয়াতকৈয়ো অধিক ভাল ফলাফল দেখুওৱাবলৈ তেওঁলোকক আহ্বান জনায় ৷ আনহাতে যিসকল অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকক কৃতকাৰ্য হ'বলৈ অধিক কষ্ট কৰিবলৈ কয় ছহিদুল ইছলামে ৷

লগতে পঢ়কঃ ৰঙিয়া দ্বাৰকুছিত জলমগ্ন পথে জীয়াতু ভুগাইছে ৰাইজক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.