ETV Bharat / state

ফাতেমাবাদত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ - চাহ বাগিচাৰ শ্ৰমিক

বিজেপি চৰকাৰে চাহ বাগিচাৰ শ্ৰমিক সকলৰ মজুৰি 351 টকাকৈ বৃদ্ধি কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ যদিও সেই প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে ৷ তাৰোপৰি অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ যথেষ্ট মূল্যবৃদ্ধি হৈছে যদিও চাহ শ্ৰমিকসকলৰ দৰমহা বৃদ্ধি হোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে ।

ফাতেমাবাদত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ
ফাতেমাবাদত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Feb 24, 2021, 1:25 PM IST

বৰপেটাৰোড,24 ফেব্ৰুৱাৰী: বুধবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা ফাতেমাবাদ চাহ বাগিচাত চাহ শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰে । চাহ শ্ৰমিকৰ বিভিন্ন দাবী পূৰণৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে বুধবাৰে ফাতেমাবাদ চাহ বাগিচাৰ শ্ৰমিকসকলে একত্ৰিত হৈ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি ফাতেমাবাদ চাহ বাগিচা মজদুৰ সংঘৰ সভাপতি হিৰালাল খেৰকটিয়াই কয়, বিজেপি চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকসকলৰ মজুৰি 351 টকাকৈ বৃদ্ধি কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ যদিও এতিয়ালৈকে সেই প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে ৷ তাৰোপৰি অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ যথেষ্ট মূল্য বৃদ্ধি হৈছে ৷ কিন্তু শ্ৰমিকসকলৰ দৰমহা বৃদ্ধি হোৱা নাই ৷ 167 টকাৰে কিদৰে শ্ৰমিকৰ পৰিয়াল চলিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰি গভীৰ সমস্যাত পৰাৰ কথাও দোহাৰে প্ৰতিবাদকাৰীসকলে ৷

একেদৰে চৰকাৰে প্ৰতিশ্ৰুতিৰ নামত চাহ শ্ৰমিকসকলৰ লগত ভেকো-ভাওনা কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰি আগন্তুক নিৰ্বাচনৰ পূৰ্বে যদি চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধি নহয়, তেতিয়াহ'লে নিৰ্বাচনত প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়কঃ বিজেপি চৰকাৰ মিছলীয়া চৰকাৰ: লুৰিণজোতি গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.