ETV Bharat / state

পথাৰত নাই পানী : বজালীত হাহাকাৰ পৰিস্থিতি কৃষকৰ

author img

By

Published : Jul 23, 2021, 11:12 AM IST

Updated : Jul 23, 2021, 12:20 PM IST

কৃষক ৰাইজে পানী পোৱাটো দূৰৈৰ কথা গৰু-ছাগলীৰ চৰণীয়া পথাৰত পৰিণত হৈছে ৰূপহী জলসিঞ্চন প্ৰকল্প ৷ খোদ বিভাগীয় কৰ্মচাৰীয়েই উদঙাই দিলে কোটি টকীয়া আঁচনি খনৰ ফোঁপোলা স্বৰূপ ৷

Farmers' howls in Bajali,Barpeta District
পথাৰত নাই পানী : বজালীত হাহাকাৰ পৰিস্থিতি কৃষকৰ

পাঠশালা,23 জুলাই : কৃষক ৰাইজক সময়োপযোগীকৈ পানী দিয়াৰ উদ্দেশ্যে কোটি-কোটি টকা খৰচ কৰি চৰকাৰে বজালীৰ সৰুপেটাত স্থাপন কৰিছিল পহুমাৰা ৰূপহী জলসিঞ্চন প্ৰকল্প ৷ কিন্তু কোটি টকীয়া বান্ধটোৰে পানী যোৱাৰ বিপৰীতে সাপ-ভেকুলী, মেটেকা, গৰু-ছাগলীৰ চৰণীয়া পথাৰলৈ পৰিণত হৈছে ৰূপহী জলসিঞ্চন প্ৰকল্পটো ৷ ইয়াৰ বিপৰীতে প্ৰতি বছৰে মেৰামতিৰ নামত কোটি কোটি টকা হজম কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰিছে বিষয়া কৰ্মচাৰী তথা ঠিকাদাৰৰ বিৰুদ্ধে ৷

পথাৰত নাই পানী, বজালীত হাহাকাৰ পৰিস্থিতি কৃষকৰ

প্ৰতি বছৰে বছৰে কোটি-কোটি টকা ব্যয় কৰি কৃষকসকলক পানী যোগান ধৰাৰ দাবী কৰা জলসিঞ্চন প্ৰকল্পটোৰ মূল নলাটোলৈ চালেই অনুমান কৰিব পাৰি যে প্ৰকল্পটোৰ পৰা কিমান লাভালাভ হৈছে । পানী পোৱাটো দূৰৈৰে কথা নলাটোত ভৰি পৰিছে হাবি জংঘলৰে ৷ ফলত বছৰ বছৰ ধৰি বজালীৰ কৃষকে একমাত্ৰ বৰুণ দেৱতাকে ভৰষা কৰি খেতি-বাতি কৰিবলগীয়া হৈছে কৃষক ৰাইজে ৷

বজালী আৰু বাক্সা জিলাৰ প্ৰায় 40/50 খন গাঁৱক সামৰি কৃষক ৰাইজৰ খেতি পথাৰত পানীৰ যোগান ধৰাৰ উদ্দেশ্য নিৰ্মাণ কৰিছিল এই বৃহৎ পানীযোগান আঁচনি ৷ বছৰ বছৰ ধৰি এই আঁচনিখনৰ এটোপাল পানীও নোপোৱা বুলি অভিযোগ কৰিছে স্থানীয় কৃষক সকলে ৷ কিন্তু ইয়াৰ বিপৰীতে প্ৰকল্পটো মেৰামতিৰ নামত প্ৰতি বছৰে কিমান কোটি টকা ব্যয় কৰি আহিছে তাৰ কোনো হিচাপ নাই বুলিও আন এক গুৰুতৰ অভিযোগ কৰে স্থানীয় ৰাইজে ৷

এই আঁচনিখনৰ পৰা যে কৃষকে পানী পোৱা নাই, সেই কথা স্বীকাৰ কৰিলে খোদ জলসিঞ্চন বিভাগৰে কৰ্মচাৰীয়ে । এতিয়া প্ৰশ্ন হয় নতুনকৈ দায়িত্ব লোৱা মুখ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শূন্য সহনশীলতাৰ কথা কোৱা দুৰ্নীতি বিৰোধী চৰকাৰ খনৰ জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালে কি ব্যবস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় ।

লগতে পঢ়ক-চৰাইদেউত ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ

Last Updated : Jul 23, 2021, 12:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.