ETV Bharat / state

লক ডাউনঃ খেতি পথাৰত চকুলো টুকিছে দুৰ্ভগীয়া কৃষকে - ল ডাউনৰ ফলত কৃষকৰ ক্ষতি

উল্লেখযোগ্য যে, লক ডাউনৰ সময়ত জিলা প্ৰশাসনৰ ফালৰ পৰা ৰাইজৰ ঘৰে ঘৰে খাদ্য সামগ্ৰী হোম ডেলিভাৰী কৰাৰ ব্যৱস্থা কৰাৰ সময়তে এই কৃষকসকলে উৎপাদন কৰা ৰবি শস্য সমূহ চৰকাৰীভাবে ক্ৰয় কৰি ৰাইজৰ মাজত বিতৰণ কৰাৰ ব্যৱস্থা কৰিলেও কিছু পৰিমাণে সকাহ পাব এই কৃষকসকলে ৷

চকুলো টুকিছে হাজাৰ কৃষকে...
চকুলো টুকিছে হাজাৰ কৃষকে...
author img

By

Published : Apr 8, 2020, 11:40 AM IST

ধুবুৰী, 8 এপ্ৰিলঃ ধুবুৰীৰ গোলকগঞ্জৰ গংগাধৰ নৈৰ বালি চৰত প্ৰায় 3-4 মাহৰ পৰা ককালৰ ঘাম মাটিত পেলাই তৰমুজ আৰু ৰঙা লাউৰ খেতি কৰিছিল 6 গৰাকী খেতিয়কে। স্থানীয় আশান আলী পৰামণিকৰ নেতৃত্বত কৃষক কেইজনে আনৰ পৰা প্ৰায় 4 লাখ টকা ঋণ লৈ কৃষি-কৰ্মত লাগে । এই সময়ছোৱাত ক্ৰমাৎ পকিবলৈ আৰম্ভ কৰিছে তৰমুজ আৰু ৰঙা লাউবোৰ । ফলত উপায়হীন হৈছে এইসকল কৃষক। কাৰণ দেশ তথা ৰাজ্যত বলবৎ হৈ আছে লক ডাউন ।

সম্পূৰ্ণৰূপে বন্ধ আছে বজাৰ হাট । সময়মতে বিক্ৰী কৰিব নোৱাৰি কুইণ্টলে কুইণ্টলে তৰমুজ পচিবলৈ ধৰিছে খেতি পথাৰত । অতি দুখৰ বিষয় যে, বিক্ৰী কৰিব নোৱাৰাৰ ফলত ট্ৰাকে ট্ৰাকে পেলাই দিব লগীয়া হৈছে তৰমুজ । এই সকল কৃষকে অনুমান কৰা মতে প্ৰায় চাৰে তিনি লাখ টকা খৰচ কৰি উৎপাদিত তৰমুজ বজাৰত বিক্ৰী কৰিব পাৰিলে কমেও 13 পৰা 14 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'লহেঁতেন কৃষকসকলে।

ধুবুৰী

এই পৰিস্থিতত এতিয়া উপায়হীন হৈ পৰিছে কৃষক কেইজন ৷ ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যা কৰাৰ বাহিৰে গত্যন্তৰ নাই বুলি ইটিভি ভাৰতৰ সাংবাদিকৰ আগত প্ৰকাশ কৰে দুৰ্ভগীয়া কৃষক কেইজনে । উল্লেখযোগ্য যে, লক ডাউনৰ সময়ত জিলা প্ৰশাসনৰ ফালৰ পৰা ৰাইজৰ ঘৰে ঘৰে খাদ্য সামগ্ৰী হোম ডেলিভাৰী কৰাৰ ব্যৱস্থা কৰাৰ সময়তে এই কৃষকসকলে উৎপাদন কৰা ৰবি শস্য সমূহ চৰকাৰীভাবে ক্ৰয় কৰি ৰাইজৰ মাজত বিতৰণ কৰাৰ ব্যৱস্থা কৰিলেও কিছু পৰিমাণে সকাহ পাব এই কৃষকসকলে ৷

আনহাতে একেটা সমস্যাৰ সন্মুখীন হৈছে বৰপেটা জিলাৰ বাঘবৰৰ কৃষকসকলো ৷ এতিয়া পথাৰতে নষ্ট হোৱাৰ উপক্ৰম হৈছে কৃষকে উৎপাদন কৰা পাচলি সমূহ ৷ বাঘবৰ অঞ্চলৰ দুখীয়া কৃষকে বছৰৰ ১২ মাহেই বিভিন্ন পাচলিৰ খেতি কৰি বৰপেটাৰ লগতে নামনিৰ কেবাখনো জিলালৈ সৰবৰাহ কৰে ৷ কিন্তু লক ডাউনৰ ফলত এতিয়া বাঘবৰৰ খেতিয়কে মূৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা তিতাকেৰেলা, জিকা আদিকে ধৰি বিভিন্ন ধৰণৰ পাচলি বজাৰলৈ নিব নোৱাৰাৰ ফলত উৎপাদিত শাক পাচলি পথাৰতে নষ্ট হ'বলৈ কৰিছে । উৎপাদিত পাচলিসমূহ এনেদৰে পথাৰতে নষ্ট হৈ যোৱাৰ ফলত কৃষকসকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে ৷

বৰপেটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.