জনীয়া, 5 ছেপ্টেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসায়লত দালালৰ দপদপনি । একাংশ চিকিৎসকৰ আৰ্শীবাদত চলি আছে এই দালালৰাজ । মঙলবাৰে বৰপেটা অসামৰিক চিকিৎসালয়ত এগৰাকী নাৰ্চক পোছাক পৰিধান কৰি প্ৰৱেশ কৰা দালালৰূপী এগৰাকী যুৱতীক আটক কৰে চিকিৎসালয়খনৰ অধীক্ষক ডাঃ ছামছুল আলমে ।
যুৱতীগৰাকীয়ে এজন ৰোগীৰ চিকিৎসকে দিয়া Prescription লৈ চিকিৎসালয়ৰ বাহিৰৰ ঔষধালয়ৰ পৰা ঔষধ ক্ৰয় কৰি যোগান ধৰি আহিছিল ৷ মঙলবাৰে সেই কাম কৰিবলৈ যাওঁতেই যুৱতীগৰাকীক হাতে লোটে কৰায়ত্ব কৰে চিকিৎসালয়ৰ অধীক্ষক ছামছুল আলমে ৷ ইয়াৰ পাচতে বৰপেটা আৰক্ষীক গতাই দিয়ে যুৱতী গৰাকীক ৷
লগতে পঢ়ক : অস্ত্ৰ দেখুৱাই ভয়-ভাবুকিৰে নগা দুৰ্বৃত্তই লৈ গ'ল গোহালিৰ গৰু
সাংবাদিকৰ আগত চিকিৎসালয়খনৰ অধীক্ষক গৰাকীয়ে সদৰী কৰা মতে, যুৱতীগৰাকী চিকিৎসালয়খন কৰ্তব্যৰত নাৰ্চ নহয় ৷ নাৰ্চৰ নামত অৰ্থাৎ নাৰ্চৰ পোছাক পিন্ধি ৰোগীৰ সকলক ঔষধ যোগান ধৰাৰ নামত ব্যৱসায় চলাই আহিছিল যুৱতীগৰাকীয়ে ৷ একাংশ ব্যক্তিগত ঔষধৰ বিপনীৰ সৈতে বুজাবুজি ৰক্ষা কৰি এই ব্যৱসায় চলাই আহিছিল মহিলা গৰাকীয়ে ৷
ইফালে, একাংশ দালালে চিকিৎসায়খনত দালালৰাজ চলাই থকাৰ অভিযোগ উত্থাপন হৈছে ৷ একাংশ লোকৰ দাবী, চিকিৎসালয়খনত অবাধে বিচৰণ কৰি থকা দালাল সকলকো অতি সোনকালে কৰায়ত্ব কৰক আৰক্ষীয়ে ৷
লগতে পঢ়ক : ঘোষণা কৰা হ’ল পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা