ETV Bharat / state

বৰপেটাৰ জনীয়াত প্ৰশাসনৰ উচ্ছেদ অভিযান - Barpeta administration eviction

এইবাৰ বৰপেটাৰ জনীয়াত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান । সোমবাৰে বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জনীয়া গাঁও পঞ্চায়তৰ লগতে জনীয়া সমন্বয়ৰক্ষী সাংস্কৃতিক অনুষ্ঠানৰ বেদখল হৈ থকা ভূমিত উচ্ছেদ অভিযান চলায় প্ৰশাসনে । গো-ৰিজাৰ্ভত অবৈধভাৱে স্থাপন কৰা এখন জাতীয় বিদ্যালয়ো উচ্ছেদ কৰা হয় ।

Eviction at Jania
বৰপেটাৰ জনীয়াত প্ৰশাসনৰ উচ্ছেদ অভিযান
author img

By

Published : Oct 12, 2021, 6:58 PM IST

জনীয়া, ১২ অক্টোবৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে । সোমবাৰে বেদখলকাৰীৰ কবলত থকা বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভূমিত প্ৰশাসনে উচ্ছেদ অভিযান চলায় । জনীয়া গাঁও পঞ্চায়তৰ লগতে জনীয়া সমন্বয় ৰক্ষী সাংস্কৃতিক অনুষ্ঠানৰ বেদখল হৈ থকা ভূমি বেদখলমুক্ত কৰে । অবৈধভাৱে স্থাপন কৰা ব্যৱসায়িক প্ৰতিষ্ঠান, বাসগৃহ আদি প্ৰশাসনে উচ্ছেদ কৰে ।

বৰপেটাৰ জনীয়াত প্ৰশাসনৰ উচ্ছেদ অভিযান

অবৈধভাৱে স্থাপন কৰা এখন জাতীয় বিদ্যালয়ো উচ্ছেদ কৰা হয় । চক্ৰ বিষয়াই জনোৱা মতে, গো-ৰিজাৰ্ভত একাংশ লোকে অবৈধভাৱে বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান আদি নিৰ্মাণ কৰিছিল । সেয়ে প্ৰশাসনে তেওঁলোকক আঁতৰি যাবলৈ নিৰ্দেশ দি ১৫ দিন পূৰ্বেই জাননী জাাৰি কৰিছিল । একাংশ পৰিয়াল আন ঠাইলৈ স্থানান্তৰিত হৈছে যদিও আন একাংশই প্ৰশাসনৰ নিৰ্দেশক গুৰুত্ব দিয়া নাছিল ।

সেয়ে, সোমবাৰে প্ৰশাসনে উচ্ছেদ অভিযান চলায় । এক্সকেভেটৰেৰে বাসগৃহ, দোকান আদি ভাঙি পেলায় প্ৰশাসনে ।

আনহাতে, উচ্ছেদিত লোকে নিজকে ভূমি বেদখলৰ অভিযোগ নস্যাৎ কৰিছে । তেওঁলোকে সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে । উল্লেখ্য যে, শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সকীয়নি দিছিল । ইফালে, কেইদিনমাান পূৰ্বে দৰঙৰ ধলপুৰত প্ৰশাসনে উচ্ছেদ অভিযানক যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল ।

বেদখলকাৰীৰ মৃত্যুক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । তথাপিও ৰাজ্য চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিছে । সেয়ে, এতিয়া জিলাই জিলাই প্ৰশাসনে উচ্ছেদ অভিযান চলাই আছে ।

লগতে পঢ়ক:উপ নিৰ্বাচন : বাক্সাত মুকলি প্ৰচাৰ বাহন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.