ETV Bharat / state

বেঁকী নদী খহনীয়াত নিচিহ্ন হোৱাৰ পথত চানপুৰ গাঁও

author img

By

Published : Apr 16, 2021, 7:48 AM IST

বিভাগ তথা জনপ্ৰতিনিধিৰ চকুত নপৰা বেঁকী নদী খহনীয়াই দিশহাৰা কৰি তুলিছে চানপুৰবাসীক ৷ কিয়নো বেঁকী নদী খহনীয়াত ইতিমধ্যে গৃহহাৰা হৈছে কলগাছিয়াৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চানপুৰ গাঁৱৰ শ শ পৰিয়াল ৷

বোঁকী নদী খহনীয়াই ৰছিব চানপুৰ গাঁৱৰ ইতিহাস

জনীয়া, 16 এপ্ৰিল : কলগাছিয়াৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চানপুৰ গাঁওবাসীলৈ আতংক কঢ়িয়াই আনিছে বেঁকী নদীৰ খহনীয়াই ৷ বাঢ়নী পানীৰ পাচতে বেঁকী নদীৰ খহনীয়াৰ কবলত পৰি মাটি-ভেটি হেৰুৱাব লগীয়া হৈছে শতাধিক পৰিয়ালে ৷ বিগত সময়ছোৱাত শ শ বিঘা কৃষি ভূমি বেঁকী নদী খহনীয়াত জাহ যোৱাৰ লগতে চানপুৰ গাঁৱৰ বেছি সংখ্যক পৰিয়ালৰে সা-সম্পত্তি নদীৰ বুকুত জাহ গৈছে ৷ দিনক দিনে কাল ৰূপ ধাৰণ কৰা বেঁকী নদী খহনীয়া ৰোধ কৰিবৰ বাবে গাঁওখনৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

স্থানীয় লোকে সদৰি কৰা মতে, বেঁকী নদী খহনীয় ৰোধ কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো আবেদন নিবেদন কৰা হৈছিল ৷ এই বিষয়টোৰ সন্দৰ্ভত স্থানীয় বিধায়ক গৰাকীও অৱগত ৷ বছৰে বছৰে বান-গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰীভাৱে আঁচনিও গ্ৰহণ কৰা হয় ৷ কিন্তু বেঁকী নদী খহনীয়া ৰোধৰ বাবে বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰাতো বাদেই ৰূপায়ন হোৱা চৰকাৰী আঁচনিয়েও ঢুকি নাপায় এই অঞ্চল ৷ গতিকে চানপুৰ গাঁওবাসীৰ সৰ্বস্ব কাঢ়ি পথৰ ভিক্ষাৰীলৈ পৰিণত কৰা বেঁকী নদীৰ খহনীয়া ৰোধৰ বাবে দাবী জনাই সমস্যা সমাধান নোহোৱা পৰ্যন্ত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিছে গাঁৱৰ ৰাইজে ৷

লগতে পঢ়ক: বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰলৈ 'তাঁতীকুছি বঁটা'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.