জনীয়া, 18আগষ্টঃ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰি গাঁৱত বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়াত জাহ গৈছে অৰ্ধশতাধিক ঘৰ, মাটি-ভেটি, খেতি-পথাৰ। মঙলবাৰে পুৱা আমগুৰি গাঁৱৰ কদল আলীৰ ঘৰ ১০ মিনিটৰ ভিতৰতে বেঁকী নদীৰ বুকুত জাঁহ গৈছে।
ইপিনে অলপতে হৈ যোৱা বানপানীৰ ফলত জনসাধাৰণৰ বিস্তৰ ক্ষতি হোৱাৰ পাচত পুনৰ তীব্ৰ গৰাখহনীয়াই শতাধিক পৰিয়ালক পথৰ ভিক্ষাৰীত পৰিণত কৰিছে । এই বাতৰি বিভিন্ন সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পাচতো কোনো এগৰাকী জনপ্ৰতিনিধিৰ লগতে জিলা প্ৰশাসনৰ লোকে খবৰ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে । ৰাইজে চৰকাৰক অতিশ্ৰীঘ্ৰে ক্ষতি পূৰণৰ লগতে নদীৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ কৰিবলৈ দাবী জনাইছে ।