জনীয়া, ২০ জুন: বৰপেটা জিলাৰ কালগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শওপুৰত নিশাৰ ভিতৰতে ২ নং বিকল্প ৰাজ্যিক ঘাইপথ বেঁকী নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে । পথটো সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ব্যৰ্থ জল সম্পদ বিভাগৰ লগতে বৰপেটা জিলা প্ৰশাসন । উল্লেখযোগ্য যে জল সম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই যোৱা বৰ্ষত শওপুৰত ২ নং ৰাজ্যিক ঘাইপথ পৰিদৰ্শন কৰি যোৱা ডিচেম্বৰৰ পৰা কাম আৰম্ভ হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল ।
পলমকৈ হ'লেও ২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰীত কাম আৰম্ভ কৰে যদিও অতি লেহেমীয়া আৰু নিম্নমানৰে দুৰ্নীতি সংঘটিত কৰি কাম কৰাৰ বাবে আজিকোপতি সম্পূৰ্ণ নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে । কিন্তু পুনৰ বেঁকী নৈৰ বাঢ়নি পানীয়ে শওপুৰত ২ নং ৰাজ্যিক ঘাইপথত আৰম্ভ কৰিছে ব্যপক গৰাখহনীয়া । যেন সকলো ফুটকাৰ ফেন । বিভাগীয় কৰ্তৃপক্ষই খহনীয়া প্ৰতিৰোধৰ বাবে দিনে-নিশাই কাম কৰি আছে যদিও সময়মতে আৰু সঠিকভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ কাম নকৰা বাবেই আজি পথটো খহনীয়াৰ কৱলত পৰি নিশ্চিন্ন হোৱাৰ উপক্ৰম বুলিও অভিযোগ কৰে ৰাইজে ।
এই পথটো শীঘ্ৰে বিচ্ছিন্ন হ'ব বুলিও শংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । কিন্তু অতি লক্ষণীয় বিষয় যে জিলা প্ৰশাসনে পথটো বন্ধ কৰি দিয়াৰ পিচতো বামুনটাৰীত বালিকুৰি আৰক্ষী চকীৰ পহৰা দিয়া আৰক্ষীয়ে ২০০ টকাৰ বিনিময়ত পৰাপাৰ কৰাইছে গধুৰ যান বাহনসমূহ । মন কৰিবলগীয়া যে এই ৰাস্তাটোৰে গধুৰ যান-বাহনসমূহ চলাচল অব্যাহত আছে সেই সংক্ৰান্তত ইয়াৰ পূৰ্বেও কেইবাবাৰো বাতৰি সম্প্ৰচাৰ হৈছে ।
ইপিনে,কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱত বেঁকী নদীয়ে আৰম্ভ কৰিছে তীব্ৰ গৰাখহনীয়া । ৰাইজে অভিযোগ কৰা মতে, চৰকাৰ তথা প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ ফলত বেঁকী নৈৰ খহনীয়াই কালৰূপ ধাৰণ কৰি বিগত ১০ দিনত ২০ টাকৈ পৰিয়ালৰ ভেটি-মাটি উছন কৰে ৷ আন কেইবাটাও পৰিয়াললৈ সৃষ্টি হৈছে তীব্ৰ ভাবুকিৰ । ইতিমধ্য়ে নিজৰ ঘৰ-দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে শংকিত ৰাইজে ।
লগতে পঢ়ক:Manik sarkar in Assam: আৰএছএছৰ নিৰ্দেশত পৰিচালিত হৈ আছে চৰকাৰ: মাণিক সৰকাৰ