ETV Bharat / state

কলগাছিয়াৰ আই-মানাহ নদীত ভয়ংকৰ গৰাখহনীয়া

author img

By

Published : Sep 18, 2020, 3:54 PM IST

কলগাছিয়াৰ কিচমত মইনবৰী,ঢাকালীয়াপাৰাত আই-মানাহ নদীৰ ভয়ংকৰ গৰাখহনীয়া। তিনি মাহত জাহ গ'ল প্ৰায় ২০০ পৰিয়ালৰ ঘৰ-দুৱাৰ। নেদেখাজনৰ ওচৰত ৰাইজৰ সমূহীয়া প্ৰাৰ্থনা। সমাজকৰ্মী ৰাজীৱ আহমেদৰ গৰাখহনীয়া পৰিদৰ্শন ।

সমূহীয়া প্ৰাৰ্থনা ৰাইজৰ
কলগাছিয়াৰ আই-মানাহ নদীত ভয়ংকৰ গৰাখহনীয়া

জনীয়া, 18 ছেপ্তেম্বৰ : কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কিচমত মইনবৰী,ঢাকালীয়াপাৰা আৰু ছিকাটাৰীত আই-মানাহ নদীৰ গৰাখহনীয়াই ভয়ানক ৰূপ ধাৰণ কৰিছে । স্থানীয় বিধায়ক তথা প্ৰশাসনে কোনো খবৰ নোলোৱাৰ বাবে স্থানীয় ৰাইজে গছৰ ডাল,বাঁহ আদিৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে । বাঘবৰৰ সমাজ কৰ্মী ৰাজীৱ আহমেদে খহনীয়া অঞ্চল পৰিদৰ্শন কৰে আৰু ৰাইজৰ খহনীয়া প্ৰতিৰোধৰ প্ৰচেষ্টাক আদৰণি জনায় ৷ লগতে তেওঁ খহনীয়া প্ৰতিৰোধৰ বাবে দহ হাজাৰ টকা স্থানীয় ৰাইজক প্ৰদান কৰে ।

উল্লেখযোগ্য যে,তিনি মাহৰ ভিতৰত 200 পৰিয়ালৰ লগতে শ শ বিঘা খেতি পথাৰ নদীৰ বুকুত জাহ যোৱাত স্থানীয় ৰাইজে উপায়ন্তৰ হৈ সমূহীয়া প্ৰাৰ্থনা কৰি নদীৰ দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ কাতৰ নিবেদন কৰে ।

লগতে পঢ়়ক : দৰঙত প্ৰৱঞ্চক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.