ETV Bharat / state

ডেকা সত্ৰীয়া পদৰ নিৰ্বাচনলৈ সাজু বৰপেটা জিলা প্ৰশাসন - Barpeta Satra

সত্ৰনগৰী বৰপেটাত নিৰ্বাচনৰ বতৰ ৷ সত্ৰনগৰীৰ বাটে-ঘাটে ভকত, আই-বাপ, বান্ধৱসকলে নাম-গুণ গাই নিজৰ সমৰ্থিত প্ৰাৰ্থীক লৈ বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ গৈছে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ৷ কিয়নো সত্ৰ নগৰীত আৰম্ভ হৈছে ডেকা সত্ৰীয়া পদৰ নিৰ্বাচন ৷

বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া পদৰ নিৰ্বাচন: সাজু বৰপেটা জিলা প্ৰশাসন

author img

By

Published : Feb 11, 2021, 1:50 PM IST

বৰপেটা,11 ফেব্ৰুৱাৰী: বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৰপেটাত অনুষ্ঠিত হৈছে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া পদৰ নিৰ্বাচন ৷ বৰপেটাৰ প্ৰথমজনা সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াআতাই আৰম্ভ কৰি যোৱা পৰম্পৰা অনুসৰি বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া আৰু বুঢ়া সত্ৰীয়া দুজনাক ভোটৰ জৰিয়তে নিৰ্বাচন কৰা হয় ৷ অলপতে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ দাস পাঠকৰ দেহাৱসানৰ পিচত খালী হৈ পৰা ডেকা সত্ৰীয়াৰ আসনখন পূৰণৰ বাবে বৰপেটা জিলা প্ৰশাসনে 14 ফেব্ৰুৱাৰীত ধাৰ্য কৰিছে ভোটগ্ৰহণৰ দিন ৷

বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া পদৰ নিৰ্বাচন: সাজু বৰপেটা জিলা প্ৰশাসন

ডেকা সত্ৰীয়া পদৰ বাবে ইতিমধ্যে বৰপেটা সত্ৰৰ কেৱলীয়া ভকত তথা সত্ৰৰ বুঢ়া ভকত হেমেন বুঢ়াভকত, বৰপেটা সত্ৰৰ পাঠক গৌতম পাঠক, ড৹ বাবুল চন্দ্ৰ দাস, উদ্ধৱ দাস আৰু মনোৰঞ্জন অধিকাৰীয়ে মনোনয়ন দাখিল কৰিছে ৷ সত্ৰৰ ডৰ, কৰ, পালা আৰু বছৰেকীয়া নিৰ্দিষ্ট বৰঙণি আদায় দিয়া সত্ৰৰ ভাগৰ লোকসকলে ভোটাধিকাৰ সাব্যস্ত কৰি ডেকা সত্ৰীয়াক নিৰ্বাচন কৰিব ৷ তাৰবাবে ভোটাৰসকলক বিচাৰ বিবেচনা অনুসৰি ভোটদান কৰিবলৈ আৰু যোগ্যজনক নিৰ্বাচন কৰিবলৈ আহ্বান জনাইছে প্ৰতিজন প্ৰাৰ্থীয়ে ৷

লগতে পঢ়ক: সোণোৱাল চৰকাৰৰ অন্তিমখন বিধানসভাৰ অধিৱেশন আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.