ETV Bharat / state

কলগাছিয়াত বিধায়কৰ ইমামতিত আদায় সমূহীয়া নামাজ - কলগাছিয়াত বিধায়কৰ ইমামতিত আদায় সমূহীয়া নামাজ

সমগ্ৰ দেশৰ লগতে কলগাছিয়াতো পালন ঈদ-উদ-জোহা(Eid al Adha 2022)৷ জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ (Jania MLA Hafiz Rafiqul Islam) ইমামতিত আদায় ঈদ-উল আজহাৰ সমূহীয়া নামাজ আদায় ।

Eid al Adha celebrated at kalgachia
কলগাছিয়াত বিধায়কৰ ইমামতিত আদায় সমূহীয়া নামাজ
author img

By

Published : Jul 10, 2022, 2:15 PM IST

জনিয়া, 10 জুলাই: আজি ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ঈদ-উদ-জোহা (Eid al-Adha 2022)৷ ৰাজ্যজুৰি ঈদগাহসমূহত পালন সমূহীয়া নামাজ ৷ চৌদিশে উলাহ-মালহ পৰিৱেশ ৷ আনন্দ উল্লাহৰ মাজত সমূহীয়া নামাজ পালন কৰিলে ইছলাম ধৰ্মাৱলম্বী ৷

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে কলগাছিয়াত ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰে ঈদ-উদ-জোহাৰ সমূহীয়া নামাজ। জনীয়া সমষ্টিৰ কলগাছিয়া ঈদগাহ মৈদানত জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ (Jania MLA Hafiz Rafiqul Islam) ইমামতিত দুই ৰাকাত ৱাজীৱ নামাজেৰে আদায় কৰে সমূহীয়া নামাজ। হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ঈদ-উদ-জোহাৰ সমূহীয়া নামাজত ৷

কলগাছিয়াত বিধায়কৰ ইমামতিত আদায় সমূহীয়া নামাজ

কলগাছিয়াৰ লগতে জনীয়া, দেওকুৰা, খৰিচালা, বালিকুৰী, জনতা, লাংলা, মইনবৰী, বাঘবৰ আদিকে ধৰি বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত ঈদ-উদ-আজহা উপলক্ষে নামাজ আদায় কৰিবলৈ ঈদগাহত উপস্থিত হয় ইছলাম ধৰ্মালম্বী লোকসকল। ঈদ-উল আজহাৰ নামাজ পঢ়িবলৈ বিভিন্ন ঈদগাহত মিলিত হয় ইছলাম ধৰ্মাৱলম্বীলোক। নামাজৰ পিছত বিশ্ব শান্তিৰ লগতে সকলো ধৰ্মৰ লোকৰ মাজত মিলাপ্ৰীতি আৰু একতা বজাই ৰখাৰ বাবে আল্লাৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয়।

লগতে পঢ়ক: আজি দেশজুৰি পালন ঈদ-উজ-জুহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.