ETV Bharat / state

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়ণক লৈ সমস্যাত শিক্ষা বিষয়া - Ranoj Pegu

বুধবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী (EDUCATION MINISTER) ডাঃ ৰনোজ পেগুৱে (Ranoj Pegu) সংবাদমাধ্যমৰ আগত সদৰি কৰে যে, ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে বাতিল হোৱা হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS)ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল অহা ৩১ জুলাইৰ পূৰ্বে ঘোষণা কৰিব । কিন্তু এতিয়া সমস্যাত পৰিছে শিক্ষা বিষয়া সকল ৷

hslc_&_hs_examination_results_conflict
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়ণক লৈ সমস্যাত পৰিছে শিক্ষা বিষয়া
author img

By

Published : Jul 14, 2021, 10:11 PM IST

বৰপেটা, ১৪ জুলাই : 2021 বৰ্ষত ক'ভিড (COVID-19) মহামাৰীৰ বাবে শিক্ষা বিভাগে অনুষ্ঠিত কৰিব নোৱাৰিলে মেট্ৰিক (HSLC)আৰু উচ্চতৰ মাধ্যমিক (HS)ৰ চুড়ান্ত পৰীক্ষা ৷ অৱশ্যে চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটীৰ পৰামৰ্শ অনুসৰি মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ মূল্যায়নৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে (EDUCATION DEPARTMENT) ৷ পিছে বিশেষজ্ঞ কমিটীৰ পৰামৰ্শ অনুসৰি মূল্যায়ণ কৰিবলৈ গৈ সমস্যাৰ সন্মুখীন হৈছে বৰপেটা জিলাৰ শিক্ষা বিষয়াগৰাকী ৷

বিশেষকৈ একাংশ বিদ্যালয়ে শিক্ষা বিভাগৰ হাতত ছাত্ৰ-ছাত্ৰীৰ যি নম্বৰ তালিকা দাখিল কৰিছে উক্ত নম্বৰ তালিকাক লৈ সমস্যাত পৰিছে বৰপেটাৰ শিক্ষা বিভাগৰ বিষয়াগৰাকী ৷ শিক্ষা বিভাগৰ বিষয়াগৰাকীৰ মতে বিদ্যালয়সমূহত অভাৱনীয় হাৰত বৃদ্ধি পাইছে ষ্টাৰ ডিষ্টিংচন আৰু প্ৰথম বিভাগ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৷ আনকি আটাইকেইটা স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী যেন বৰপেটাতেই আছে, তেনে এক অৱস্থাৰো সৃষ্টি হৈছে বৰপেটাত ৷

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়ণক লৈ সমস্যাত পৰিছে শিক্ষা বিষয়া

ফলত বৰপেটাৰ প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ মাতি আনি বিদ্যালয়ে পঠোৱা মূল্যায়ন পত্ৰ পুনৰ বিবেচনা কৰিবলৈ নিৰ্দেশ দিছে শিক্ষা বিষয়াই ৷ পিছে এনে নিৰ্দেশক লৈ প্ৰধান শিক্ষকসকলো সন্মুখীন হৈছে সমস্যাৰ ৷

যিহেতু ২০১৯ বৰ্ষৰ নৱম শ্ৰেণীৰ পৰীক্ষা আৰু দশম শ্ৰেণীৰ প্ৰি-মেট্ৰিক টেষ্টৰ নম্বৰৰ আধাৰত ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়ন কৰা হৈছিল, সেয়েহে শিক্ষা বিষয়াই পুনৰ মূল্যায়নৰ বাবে দিয়া নিৰ্দেশক লৈ একপ্ৰকাৰ বিপাঙত পৰিছে প্ৰধান শিক্ষকসকলে ৷ প্ৰধান শিক্ষকসকলে জনোৱা মতে, ২০১৯ বৰ্ষৰ নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা, দশম শ্ৰেণীৰ প্ৰি-টেষ্ট আৰু ইন্টাৰনেল এচ্চেছমেন্টৰ জৰিয়তে যি নম্বৰ তালিকা দাখিল কৰা হৈছিল উক্ত তালিকাখনত থকা ষ্টাৰ ডিষ্টিংচন আৰু প্ৰথম বিভাগৰ সংখ্যা হ্ৰাস কৰিবলৈ বৰপেটাৰ শিক্ষা বিষয়াই প্ৰতিগৰাকী প্ৰধান শিক্ষকক দিয়া নিৰ্দেশে প্ৰধান শিক্ষক সকলক সমস্যাত পেলাইছে ৷

সেয়ে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা ভাবি পৰীক্ষা অনুষ্ঠিত কৰাৰহে দাবী তোলে একাংশ প্ৰধান শিক্ষকে ৷ উল্লেখযোগ্য যে, বুধবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে (Ranoj Pegu) সংবাদমাধ্যমৰ আগত সদৰি কৰে যে, ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে বাতিল হোৱা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল অহা ৩১ জুলাইৰ পূৰ্বে ঘোষণা কৰিব । ফলাফল সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ সৰ্ন্দভত শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে, ফলাফল সন্দৰ্ভত আমাৰ সকলো কাম সুকলমে হৈ আছে’। পেগুৱে লগতে প্ৰত্যেক জিলা, মহকুমা আদিত সঠিক ৰূপত নম্বৰ মূল্যায়ণৰ কামবোৰ আগবাঢ়ি আছে ৷

লগতে পঢ়কঃ অসমত গো-মাংস বিক্ৰী বন্ধৰ দাবী জনালে এটা সংখ্যালঘু সংগঠনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.