ETV Bharat / state

ব্ৰইলাৰ নহয় লোকেল মূৰ্গীৰ পাম খুলি স্বাৱলম্বী তিনি বন্ধু - educated youth make a great income by raising poultry farm

সত্ৰনগৰী বৰপেটাত মিলনজ্যোতি-ভাস্কৰ-প্ৰণৱৰ স্বাৱলম্বীতাৰ নতুন যাত্ৰা ৷ হাঁহ কুকুৰা পামেৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস বৰপেটাৰ তিনি উচ্চশিক্ষিত বন্ধুৰ ৷

educated youth make a great income by raising poultry farm
ব্ৰইলাৰ নহয় লোকেল মূৰ্গীৰ পাম খুলি স্বাৱলম্বী তিনি বন্ধু
author img

By

Published : Jul 24, 2021, 8:42 PM IST

বৰপেটা, 24 জুলাই: একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত মানুহ কেনেকৈ স্বাৱলম্বী হ’ব পাৰে, তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে বৰপেটাৰ তিনি যুৱকে ৷ সত্ৰনগৰী বৰপেটাত ভাস্কৰ, প্ৰণৱ আৰু মিলনজ্যোতিৰ স্বাৱলম্বীতাৰ প্ৰয়াস ৷ ব্ৰইলাৰ নহয় লোকেল মূৰ্গীৰ পাম খুলিলে বৰপেটাৰ তিনিযুৱকে ৷ এই তিনি বন্ধুৱে নিজ ভৰিত থিয় হোৱাৰ লক্ষ্য বান্ধি কেইমাহমান পূৰ্বে গণককুছিত আৰম্ভ কৰিছে এখন হাঁহ কুকুৰাৰ পাম ৷

ব্ৰইলাৰ নহয় লোকেল মূৰ্গীৰ পাম খুলি স্বাৱলম্বী তিনি বন্ধু

বৰপেটাৰ হাঁহ-কুকুৰা মাংসৰ বজাৰখনৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে আৰম্ভ কৰিছে লোকেল মূৰ্গীৰ পামখন ৷ যিহেতু সকলোৱে ব্ৰইলাৰ মূৰ্গীৰ পামেৰেই আৰম্ভ কৰে, সেয়ে তিনি বন্ধুৱে কিছু বিকল্প চিন্তাৰে লোকেল মূৰ্গীৰ পামখন আৰম্ভ কৰাৰ উদ্যোগ গ্ৰহন কৰে ৷ উচ্চ শিক্ষা লাভৰ পাচত বিভিন্ন কোম্পানীত কাম কৰা তিনি বন্ধুৱে নিজৰ সাঁচতীয়া প্ৰায় ডেৰ লাখ টকাৰে আৰম্ভ কৰা হাঁহ কুকুৰাৰ পামখনক লৈ যথেষ্ঠ আশাবাদী ৷

educated youth make a great income by raising poultry farm
ব্ৰইলাৰ নহয় লোকেল মূৰ্গীৰ পাম খুলি স্বাৱলম্বী তিনি বন্ধু

পামখন ডাঙৰকৈ কৰাৰ আশা আছে যদিও ইয়াৰ বাবে মূলধন যোগাৰ কৰাত তেওঁলোক কিছু অসুবিধাৰ সন্মুখীন হৈছে ৷ তথাপি অলপ অলপকৈ পামখন বহলাই নিয়াৰ চেষ্টা চলাই আছে তিনি বন্ধুৱে ৷ ইতিমধ্যে কণীৰ পৰা পোৱালি জগোৱা আদিৰ কামো আৰম্ভ কৰিছে যুৱক কেইজনে ৷

হাঁহ, কুকুৰা আদি বিক্ৰী কৰি এক আশাৰ ছবি দেখিবলৈ পাইছে তিনি বন্ধুৱে ৷ অসমীয়া সমাজখনক কৃষি, বেহা-বেপাৰ, গাহৰি, হাঁহ-কুকুৰা, মৎস্য পালনৰ জৰিয়তে স্বাৱলম্বী কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰে যি নতুন আঁচনি গ্ৰহন কৰিছে ৰাজ্য চৰকাৰৰ স্বাৱলম্বীতাৰ সেই বাটেৰে খোজ দিয়া বৰপেটাৰ আৰম্ভ কৰা দাস পল্ট্ৰী ফাৰ্মখনলৈ ভৱিষ্যতে চৰকাৰী সহায়ৰ হাত বিচাৰিছে তিনি বন্ধুৱে ৷

লগতে পঢ়ক:গাহৰি পালন, ব্ৰইলাৰ মাংস বিক্ৰীয়ে অপৰাধ পাঁচটাকৈ পৰিয়ালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.