ETV Bharat / state

কলগাছিয়াত পুনৰ দুৰ্ঘটনাত পতিত ডাম্পাৰ

author img

By

Published : Feb 20, 2021, 7:25 PM IST

শুকুৰবাৰে নিশা পুনৰ কলগাছিয়াৰ বালাৰপথাৰত দুৰ্ঘটনাত পতিত হয় AS-২৬-C-৬৩৬০ নম্বৰৰ এখন ডাম্পাৰ । দুৰ্ঘটনাত ডাম্পাৰ খনৰ চালকজন কথমপি ৰক্ষা পৰে যদিও হেণ্ডিমেনজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

কলগাছিয়াত পুনৰ দুৰ্ঘটনাত পতিত ডাম্পাৰ
কলগাছিয়াত পুনৰ দুৰ্ঘটনাত পতিত ডাম্পাৰ

জনীয়া,২০ ফেব্ৰুৱাৰী: নিশা হ'লেই ৰাজপথত বৃদ্ধি পায় ডাম্পাৰৰ দৌৰাত্ম । তীব্ৰ বেগী ডাম্পাৰৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হয় পথ দুৰ্ঘটনা । বিগত দুটা মাহত বৰপেটা জিলাৰ কলগাছিয়াত কেইবাখনো ডাম্পাৰ দুৰ্ঘটনাত পতিত হৈছে । শুকুৰবাৰে নিশা পুনৰ কলগাছিয়াৰ বালাৰপথাৰত দুৰ্ঘটনাত পতিত হয় AS-২৬-C-৬৩৬০ নম্বৰৰ এখন ডাম্পাৰ । তীব্ৰ বেগী ডাম্পাৰখনে লাইটৰ খুটা ভাঙি বাগৰি পৰে এটা পুখুৰীত । দুৰ্ঘটনাত ডাম্পাৰ খনৰ চালকজন কথমপি ৰক্ষা পৰে যদিও হেণ্ডিমেনজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

কলগাছিয়াত পুনৰ দুৰ্ঘটনাত পতিত ডাম্পাৰ

স্থানীয় লোকে অভিযোগ তোলা মতে, অবৈধভাৱে বালি কঢ়িয়াই তীব্ৰ বেগত অহা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই এই দুৰ্ঘটনাত পতিত হয় ডাম্পাৰখন । সমান্তৰালকৈ দুৰ্ঘটনা সংঘটিত হৈ থকা পিছতো অঞ্চলটোত ডাম্পাৰৰ দৌৰাত্ম ৰোধ কৰিব নোৱাৰা প্ৰশাসনক সমালোচনা কৰে স্থানীয় লোকসকলে । আনহাতে একাংশ অসাধু চক্ৰই অবৈধভাৱে নিতৌ বালি সৰবৰাহ কৰি আহিছে যদিও বন বিভাগ তথা আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেও ক্ষুব্ধ হৈ পৰে ৰাইজ ৷ অতি শীঘ্ৰে এই কাৰ্য বন্ধ কৰাৰ বাবে আৰক্ষী তথা প্ৰশাসনক দাবী জনাইছে অঞ্চলটোৰ সচেতন ৰাইজে ।

লগতে পঢ়ক:কাছাৰত কংগ্ৰেছৰ 'অসম বচাও অভিযান'ত অঘটন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.