ETV Bharat / state

ব্ৰাউন চুগাৰসহ বৰপেটাত গ্ৰেপ্তাৰ আৰু এজন ড্ৰাগছ ব্যৱসায়ী - ভাৰপ্ৰাপ্ত বিষয়া

বৰপেটা জিলাৰ বিভিন্ন স্থানত 5 দিনৰ ভিতৰত 8 জনকৈ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ ৷ শনিবাৰে সন্ধিয়া হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত আৰক্ষী এটা দলে হাজীপাৰা গাঁৱত অভিযান চলাই কৰায়ত্ব কৰিলে আৰু এজন ড্ৰাগছৰ ব্যৱসায়ী ৷

জব্দ ব্ৰাউন চুগাৰ
জব্দ ব্ৰাউন চুগাৰ
author img

By

Published : Sep 6, 2020, 2:09 PM IST

বৰপেটা, 6 ছেপ্তেম্বৰ: শনিবাৰে সন্ধিয়া হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত আৰক্ষী এটা দলে হাউলীৰ হাজীপাৰা গাঁৱত অভিযান চলাই এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ কোনো গোপন সুত্ৰৰ ভিত্তিত আৰক্ষী অৱগত হৈছিল ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত লোকজনৰ বিষয়ে ৷ বহু দিনৰ পৰাই লোকজনে ব্ৰাউন চুগাৰৰ ব্যৱসায় চলাই আহিছিল বুলি সংবাদ মাধ্যমযোগে সদৰী কৰে হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসে ৷

বৰপেটাত ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ:জব্দ ব্ৰাউন চুগাৰ

আৰক্ষীয়ে কৰায়ত্ব কৰা নুৰুল ইছলাম (55) নামৰ লোকজনৰ পৰা আৰক্ষীয়ে এপেকেট ব্ৰাউন চুগাৰৰ লগতে, 5 টা ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ আৰু প্ৰায় 40 টাকৈ খালী কণ্টেইনাৰ জব্দ কৰে ৷ নুৰুল ইছলাম নামৰ লোকজনৰ ঘৰত থকা আন দুজন অপৰাধীয়ে আৰক্ষী অহাৰ উমান পাই আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ ইতিমধ্যে পলাতক অপৰাধী দুজনৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান ৷

উল্লেখ্য যে, বৰপেটা জিলাৰ বিভিন্ন স্থানত 5 দিনৰ ভিতৰত 8 জনকৈ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

লগতে পঢ়ক: ধুবুৰীত ড্ৰাগছ সহ এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.