বৰপেটা, ১৭ জুলাই : বৰপেটা জিলাৰ মাজদিয়া আৰক্ষীৰ জালত এজন ড্ৰাগছ ব্যৱসায়ী । ধৃত ড্ৰাগছ ব্যৱসায়ীজন সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কুকাৰপাৰৰ জুলহাজ আলী (23) বুলি জানিব পৰা গৈছে । জুলহাজ আলীৰ পশ্চিম মাজদিয়া চ'ক-বজাৰত থকা বাচন-বৰ্তনৰ দোকানত স্থানীয় ৰাইজে জব্দ কৰে 10 টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ ৷ মাজদিয়া আৰক্ষী চকীৰ অন্তৰ্গত পশ্চিম মাজদিয়া চ'ক-বজাৰত পশ্চিম মাজদিয়া গাঁও উন্নয়ন সমিতিয়ে ড্ৰাগছ ব্যৱসায়ীটোক আটক কৰি আৰক্ষীক খবৰ দিয়ে ।
লগতে পঢ়কঃ শোণিতপুৰত 504 গৰাকীলৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা
মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰেণ কলিতাই সমগ্ৰ বিষয়টো উৰ্ধ্বতন কতৃপক্ষক অৱগত কৰে ৷ উৰ্ধ্বতন কতৃপক্ষৰ নিৰ্দেশ মৰ্মে মাজদিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ড্ৰাগছ ব্যৱসায়ীজনক আটক কৰে ৷ ব্যৱসায়ীজনৰ বাচন-বৰ্তনৰ দোকানৰ পৰা সন্দেহযুক্ত 10 টা ব্ৰাউন চুগাৰ ভৰ্তি কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে । উল্লেখ্য যে, পশ্চিম মাজদিয়া চ'ক-বজাৰত এখন বাচন-বৰ্তনৰ দোকান আছে অভিযুক্ত জুলহাজ আলীৰ । ইতিমধ্যে মাজদিয়া আৰক্ষীয়ে জুলহাজ আলীক আটক কৰি অধিক তথ্যৰ বাবে সোধ-পোচ অব্যাহত ৰাখিছে ।