বৰপেটা, 25 জুন: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ব্যৱসায় ৷ শেষতীয়াকৈ, ৰাজ্যৰ মূখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অধিক সক্ৰিয় হৈ পৰিছিল অসম আৰক্ষী ৷ কিন্তু বৰ্তমানেও যেন নিয়ন্ত্ৰণ কৰিব পৰা নাই ড্ৰাগছৰ ব্যৱসায় ৷ এইবাৰ কলগাছিয়াৰ জমেৰকুৰত ড্ৰাগছসহ আটক এজন ড্ৰাগছ ব্যৱসায়ী (Drug smugglers arrested in Kalgachia)। ড্ৰাগছভৰ্তি ৯৫ টা কন্টেইনাৰসহ নগদ ১ লাখ ১৫ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী । আটকাধীন ড্ৰাগছ ব্যৱসায়ী জনৰ নাম কাদেৰ আলী বুলি জানিব পৰা গৈছে । আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, গুৱাহাটীৰ পৰা কলগাছিয়ালৈ বিক্ৰিৰ বাবে আনিছিল জব্দকৃত ড্ৰাগছখিনি ।
কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত জমেৰকুৰৰ পৰা যোৱা নিশা প্ৰায় ৩ বজাত কলগাছিয়াৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি ড্ৰাগছসমূহ বিক্ৰি কৰি থকা অৱস্থাত পথৰ পৰাই হাতে লুটে আটক কৰিছিল । ধৃত যুৱকজনৰ পৰা ড্ৰাগছভৰ্তি ৯৫ টা কন্টেইনাৰকে ধৰি নগদ ১ লাখ ১৫ হাজাৰ টকা আৰু এটা মোবাইল ফোন জব্দ কৰিছে আৰক্ষীয়ে ।
উল্লেখ্য যে, জমেৰকুৰ, খৰিচালা, ভেড়াগাঁও আদি অঞ্চলত ইয়াৰ পূৰ্বেও আৰক্ষীয়ে আটক কৰিছিল আন কেইবাটাও ড্ৰাগছ ব্যৱসায়ীক । স্থানীয় লোকসকলৰ মতে, অঞ্চলটো একপ্ৰকাৰে ড্ৰাগছ ব্যৱসায়ৰ ঘাটিত পৰিনত হৈ পৰিছে । সেয়াহে আৰক্ষীয়ে অধিক কঠোৰ হৈ বৃহৎ অঞ্চলটোৰ পৰা ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় উৎখাতৰ দাবী জনাইছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক: গোৰেশ্বৰত ড্ৰাগছসহ কৰায়ত্ত ৪ জন