বৰপেটা,10 জুন: ৰাজ্যত শেহতীয়াকৈ অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ সমগ্ৰ ৰাজ্যত ইটোৰ পিছত সিটো ড্ৰাগছ বিৰোধী অভিযান(anti drugs mission) চলোৱাৰ সময়তেই বুধবাৰে বৰপেটাৰ গান্ধীনগৰত গ্ৰাহকৰ বাবে অপেক্ষা কৰি থকা অৱস্থাত ড্ৰাগছসহ এজন ড্ৰাগছ ব্যৱসায়ী(drug dealer)ক আটক কৰিলে আৰক্ষীয়ে ৷
উল্লেখ্য যে, বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া(officer in charge) তপন মেধিৰ নেতৃত্বত চলা এক অভিযানত আটক হয় ড্ৰাগছ ব্যৱসায়ীজন ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীজন বৰপেটাৰ গান্ধীনগৰৰ প্ৰয়াত উমৰ আলীৰ পুত্ৰ হাকিম আলী বুলি জানিব পৰা গৈছে ৷ ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা আৰক্ষীয়ে 10 টা ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ(container full of brown sugar) জব্দ কৰে ৷
ইফালে, 2.19 গ্ৰাম ওজনৰ ড্ৰাগছখিনিৰ সৈতে ব্যৱসায়ীজনক কৰায়ত্ব কৰাৰ সময়তে কেইজনমান সংগী পলাই যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ সম্প্ৰতি বৰপেটা আৰক্ষীয়ে ধৃত ড্ৰাগছ ব্যৱসায়ীজনক জেৰা চলাই আছে ৷
লগতে পঢ়ক : গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ অপহৰণৰ ঘটনা