বৰপেটা, ১৫ মে : শনিবাৰে বৰপেটা জিলা পুথিভঁৰাল প্রেক্ষাগৃহত বৰপেটাৰ নাট্যসংস্থা পিনাক'এ মঞ্চস্থ কৰে বিশ্ববিশ্রুত নাট্যকাৰ উইলিয়াম উইলিয়াম শ্বেইকছপীয়েৰ বহু চৰ্চিত ৰোমান্টিক তথা হাস্যকৰ 'A Midsummer Nights Dream'ৰ অসমীয়া ৰূপান্তৰ 'ভ্রম-ৰং' নামৰ নাটখন (Pinak present a drama of William Shakespeare) ।
বৰপেটাৰ সক্ৰিয় নাট্যকৰ্মী উৎপল কুমাৰ দাসৰ অসমীয়া ৰূপান্তৰ, পৰিকল্পনা আৰু পৰিচালনাৰে মঞ্চস্থ কৰা নাটখনে দৰ্শকক এক সুকীয়া আমেজ দিবলৈ সক্ষম হয় ৷ বিশ্ববিশ্ৰুত নাট্যকাৰ উইলিয়াম শ্বেইকছপীয়েৰৰ নাটখন মূলতঃ এখন ৰোমান্টিক কমেডি তথা ফেন্টাচী নাট । এথেঞ্চ চহৰৰ চাৰিগৰাকী প্ৰেমিক প্ৰেমিকাক কেন্দ্র কৰি গঢ়ি উঠা কাহিনীৰে নিৰ্মাণ কৰা নাটখন অৱশ্যে অনুবাদকে অসমৰ পটভূমিত নিৰ্মাণ কৰি এক সুকীয়া আমেজ দিবলৈ চেষ্টা চলাইছে ৷
ইফালে, বৰপেটাৰ কেইবাগৰাকীও নাট্যকৰ্মী, অভিনেতাৰ সহযোগত বাপন দাস, হেমাংগ ৰায়চৌধুৰী, নিপন দাস, বাদল আৰিয়ান সিনহা, পৰাগ জ্যোতি দাস, দীনেশ দাস, হিমাংশু চৌধুৰী, মানস জ্যোতি দাস, গোপাল কৃষ্ণ লাকু, নিৰ্জুৰাজ দাস, সাগৰ দাস, ৰাজলক্ষ্মী কাশ্যপ, অনামিকা ওজা, দীপশিখা দাসৰ লগতে শিশু শিল্পী-প্রিয়া দাস, খ্যাতি কাশ্যপ, নৱ পল্লব ওজা, সার্থক প্রতিম দাস, নির্জনা হাজৰিকা, বৃষ্টি শিখা দাস কুহী সুত্ৰধৰ আৰু নিহাৰিকা দাসৰ অভিনয়েৰে নাটখনক উপভোগ্য কৰি তোলে ।
এনে এখন বিশ্বখ্যাত নাটক পৰিবেশনৰ জৰিয়তে বৰপেটাবাসীক নাটখনৰ সোৱাদ দিবলৈ সক্ষম হোৱা পিনাক আৰু উৎপল কুমাৰ দাসক ধন্যবাদ জ্ঞাপন কৰে দৰ্শকে ৷
লগতে পঢ়ক : ধেমাজিৰ জীয়াঢলৰ মথাউৰিৰ নিৰ্মাণকাৰ্য ৩৫ শতাংশ কাম সম্পূৰ্ণ