ETV Bharat / state

জাতিটোৰ অৰ্থনীতি সবল নহ’লে ভাষা এটা জীয়াই নাথাকে : ড৹ কুলধৰ শইকীয়া - কুলধৰ শইকীয়া

বৰপেটাত অসম সাহিত্য সভাই শুকুৰবাৰে অনুষ্ঠিত কৰে ড৹ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা ৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ স্মৃতি দিৱস উপলক্ষে বৰপেটা সাহিত্য সভা ভৱনত আয়োজিত স্মৃতিচাৰণ সভাত অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া , সম্পাদক যাদৱ শৰ্মা আদিয়ে ৷

dr bhupen hazarika smriti divas
সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ভূপেন হাজৰিকাৰ বাবে অসম সাহিত্য সভাৰ বিশেষ অনুষ্ঠান
author img

By

Published : Nov 5, 2021, 10:36 PM IST

বৰপেটা, ৫ নৱেম্বৰ : শুকুৰবাৰে বৰপেটাত অসম সাহিত্য সভাই পালন কৰে ড৹ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস ৷ বৰপেটা সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভাত অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া, সম্পাদক যাদৱ শৰ্মাৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও শিল্পীয়ে ৷

সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ভূপেন হাজৰিকাৰ বাবে অসম সাহিত্য সভাৰ বিশেষ অনুষ্ঠান

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ স্মৃতি দিৱস উপলক্ষে বৰপেটা সাহিত্য সভা ভৱনত আয়োজিত স্মৃতিচাৰণ সভাত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই অসমীয়া ভাষাৰ শ্ৰেষ্ঠ সাহিত্যসমূহ ডিজিটেলাইজড্ কৰাৰ লগতে ইন্টাৰনেটত অসমীয়া ভাষাৰ ব্যৱহাৰ বৃদ্ধিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা বুলি প্ৰকাশ কৰে ৷

আনহাতে ড৹ ভূপেন হাজৰিকাৰ সৃষ্টিসমুহ ইংৰাজী ভাষালৈ অনুবাদৰ ক্ষেত্ৰত সাহিত্য সভাই গুৰুত্ব আৰোপ কৰাৰ কথাও প্ৰকাশ কৰে ৷ শেহতীয়াভাৱে ড৹ ভূপেন হাজৰিকাৰ ৯০ টা গীত মনিপুৰী ভাষালৈ অনুবাদ কৰা হৈছে আৰু অচিৰেই এই সম্পৰ্কীয় মনিপুৰী ভাষাৰ এখন গ্ৰন্থ প্ৰকাশ পাব বুলিও জানিবলৈ দিয়ে ৷

আনহাতে অসমীয়া ভাষাক সংযোগী ভাষা হিচাপে গঢ় দিবলৈ অসম সাহিত্য সভাই চলাই থকা প্ৰয়াসৰ কথাও উল্লেখ কৰে ৷ ভাষা এটা জীয়াই থাকিবলৈ হ’লে জাতিটোৰ অৰ্থনীতি সবল হ’ব লাগিব ৷ অৰ্থনীতি সবল নহ’লে ভাষা এটা জীয়াই নাথাকে বুলিও মন্তব্য কৰে ড৹ কুলধৰ শইকীয়াই ৷

অসমত ৰাজ্য ভাষা আইন এখন আছে আৰু সেই আইনখন চৰকাৰে কাৰ্যকৰী কৰিব লাগিব বুলি মন্তব্য কৰি অসমীয়া ভাষাটোক জীয়াই ৰাখিবলৈ হ’লে ইয়াক অন্তৰত স্থান দিব লাগিব আৰু তাক কাৰ্যকৰী কৰিব লাগিব বুলিও প্ৰকাশ কৰে সভাপতিগৰাকীয়ে ৷ ড৹ ভূপেন হাজৰিকাৰ স্মৃতিদিৱসৰ অনুষ্ঠানত বিদ্যা সাগৰ, তৃষ্ণা দেবী, ৰুবুল কলিতা, শ্রুতি গোস্বামী, কৃতিকা শাণ্ডিল্য, মুকুট চন্দ্ৰ হাজৰিকাকে ধৰি কেইবাগৰাকীও স্থানীয় শিল্পীয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি : গ্ৰামাঞ্চলৰ একাংশ গৃহিণীৰ মাজত নাই দীপাৱলীৰ আনন্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.