ETV Bharat / state

দৌল মহোৎসৱৰ দ্বিতীয় দিনাও উখল-মাখল সত্ৰনগৰী - বৰপেটা সত্ৰ

দেওবাৰে সত্ৰনগৰী বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ দ্বিতীয় দিনত নিত্য-নৈমিত্যিক প্ৰসংগত ভাগ লয় সত্ৰৰ ভক্তসকলে ৷ দৌল মহোৎসৱৰ ৰীতি-পৰম্পৰা অনুসৰি সকলো নীতি-নিয়ম পালন কৰা হয় সত্ৰত ৷

doul-utsav-celebrated-at-barpeta
সত্ৰনগৰীত দৌল মহোৎসৱ
author img

By

Published : Mar 28, 2021, 9:13 PM IST

বৰপেটা,28 মাৰ্চ : শনিবাৰে দৌল মহোৎসৱ আৰম্ভ হোৱাৰ পাচত দেওবাৰে মহামিলনৰ পীঠস্থান অসমৰ কাশীপুৰী দ্বাৰকা মথুৰাপুৰী বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ দ্বিতীয় দিন অৰ্থাৎ ভৰ দৌল ৷ সত্ৰৰ ভক্তসকলে দৌল মহোৎসৱৰ নিত্য-নৈমিত্যিক প্ৰসংগত ভাগ লোৱা পৰিলক্ষিত হয় ৷

দৌল মহোৎসৱৰ ৰীতি-পৰম্পৰা অনুসৰি, পৰৱৰ্তী সময়ত সত্ৰৰ যোগমোহন গৃহত প্ৰসংগ অনুষ্ঠিত হয়৷ ইয়াৰ পাচত সত্ৰৰ গায়ন-বায়নে গুৰুঘাট বজাই ভোজন বেহাৰ, ঘোষা-কীৰ্তন, ওজাপালি পৰিৱেশন কৰে ৷ সত্ৰৰ বুঢ়াসত্ৰীয়াই দৌলগৃহত থকা দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক যথাবিহিতভাৱে ফাকুগুৰি প্ৰদান কৰি সেৱা জনায় ৷

সত্ৰনগৰীত দৌল মহোৎসৱ

বুঢ়াসত্ৰীয়া বাপজনাই দৌলগৃহত আৰোহন কৰি চৌদোলাত থকা দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক ফাকুগুৰি ছটিয়াই কপালেৰে দোলাত দোলন দি বৰপেটা সত্ৰবাসী ৰাইজৰ লগতে সকলোৰে কুশল মংগল কামনা কৰি শ্ৰীকৃষ্ণ গোঁসাইৰ ওচৰত সেৱা জনায় ৷

বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি, বুঢ়াসত্ৰীয়াই দৌলত গোঁসাইক ফাকুগুৰি প্ৰদান নকৰালৈকে ভক্তসকলে ফাকু স্পৰ্শ নকৰে ৷ বুঢ়াসত্ৰীয়াই গোঁসাইক ফাকু প্ৰদানৰ পাচতহে ভক্তসকলক পূজাৰীয়ে ফাকুৰে ফোট দিয়াৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে ৷ ভৰ দৌল উপলক্ষে বৰপেটা সত্ৰত ভক্তসকলৰ ভিৰ পৰিলক্ষিত হৈছে যদিও পূৰ্বৰ তুলনাত দৰ্শনাৰ্থীৰ সংখ্যা নিচেই তাকৰ ৷

ইফালে, ভৰদৌল উপলক্ষে সত্ৰত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে ৷ দৌলগৃহত গোঁসাইক সেৱা জনাবলৈ ভক্তসকলে দীঘলীয়া শাৰী পাতে ৷ সত্ৰ চৌহদৰ বাহিৰভাগ ফাকুগুৰি, ফিচকাৰী আদিৰ লগতে জিলাপী, মিঠাই আদিৰ দোকানেৰে ভৰি পৰিছে ৷

লগতে পঢ়ক : ধুবুৰীত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.