ETV Bharat / state

বিদেশ ভ্ৰমণৰ বাৰ্তা গোপন কৰি বিপাঙত পৰিল চিকিৎসক দম্পতী

author img

By

Published : Mar 14, 2020, 6:57 PM IST

বৰপেটাৰ চিকিৎসা মহাবিদ্যালয়ৰ এটি চিকিৎসক দম্পতীৰ কৰ্মকাণ্ডই শলঠেকত পেলাইছে চিকিৎসালয় কৰ্তৃপক্ষক ৷ গোপনে চৌদি আৰৱ ভ্ৰমণলৈ যোৱা চিকিৎসক দম্পতীৰ দেহত কৰ'ণাভাইৰাছ সংক্ৰমিত হোৱাৰ সন্দেহ কৰা হৈছে ৷

বৰপেটা চিকিৎসা মহাবিদ্যালয়
চিকিৎসক দম্পতী ক'ৰণাভাইৰাছত আক্ৰান্ত হোৱাৰ আশংকা

বৰপেটা, 14 মাৰ্চ : ক'ৰণাভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে অসমৰ চিকিৎসক দম্পতীৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ্মৰত এটি চিকিৎসক দম্পতী চৌদি আৰৱ ভ্ৰমণ কৰিছিল ৷ বিদেশ ভ্ৰমণ সামৰি যোৱা 9 মাৰ্চত চিকিৎসক দম্পতী বৰপেটাত উপস্থিত হয় আৰু 11 মাৰ্চত কৰ্তব্যত যোগদান কৰে ৷ তাৎপৰ্যপূৰ্ণভাৱে চিকিৎসক দম্পতীয়ে তেওঁলোকৰ বিদেশ ভ্ৰমণ সম্পৰ্কীয় কোনো তথ্য স্বাস্থ্য বিভাগৰ ঊৰ্ধতন কৰ্তৃপক্ষ আৰু হাস্পতাল কৰ্তৃপক্ষক অৱগত কৰা নাছিল ৷ ৰহস্যজনক কাৰণত বিদেশ ভ্ৰমণৰ সকলো তথ্য গোপন কৰি ৰাখিছিল যদিও কোনো লোকে জানিব পৰাত হাস্পতাল কৰ্তৃপক্ষৰ মাজত হাহাকাৰ সৃষ্টি হয় ৷

ক'ৰণাভাইৰাছৰ সতৰ্কতামূলক ব্যৱস্থাৰ অংশস্বৰূপে শেহতীয়াভাৱে বিদেশৰ পৰা অহা লোকক 14 দিন পৰ্যন্ত অন্যান্য লোকৰ সংস্পৰ্শলৈ আহিবলৈ দিয়া নহয় আৰু ভ্ৰমণ কৰি স্বদেশত পদাৰ্পণ কৰাৰ পাচতেই প্ৰতিজন ভাৰতীয়ই নিজৰ ভ্ৰমণ ইতিবৃত্ত সংশ্লিষ্ট চৰকাৰী বিভাগক অৱগত কৰোৱাটো শেহতীয়াভাৱে বাধ্যমূলক কৰা হৈছিল ৷ এই সকলো নীতি-নিয়ম পোনপটীয়াকৈ উলংঘা কৰি চিকিৎসক দম্পতীয়ে কৰ্তব্যত যোগদান কৰি স্বাস্থ্য বিভাগৰ প্ৰতি একপ্ৰকাৰ ভাবুকি কঢ়িয়াই আনিছিল ৷ সেয়ে কৰ'ণাভাইৰাছৰ বাবে লোৱা তাৎক্ষণিক ব্যৱস্থা অনুসৰি দুয়োগৰাকী চিকিৎসকক কৰ্তব্য সম্পাদনৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়াৰ লগতে 14 দিন পৰ্যন্ত ঘৰৰ বাহিৰলৈ ওলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷

সম্প্ৰতি চিকিৎসক দম্পতী বৰপেটা চহৰৰ মেটুৱাকুছিৰ ভাড়াঘৰত সুস্থ অৱস্থাত আছে বুলি জানিবলৈ দিয়ে বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ধ্ৰুৱজ্যোতি বৰাই ৷ দুয়োগৰাকী স্বামী-স্ত্ৰীক নিজ গৃহত নিৰীক্ষণত ৰাখি আৰ আৰ টি টিমৰ দ্বাৰা নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাই থকা হৈছে বুলিও জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে ৷ কোনো লক্ষণ দেখা দিলে তেওঁলোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰা হ'ব ৷ ইপিনে নিয়ম উলংঘাকাৰী আৰু ঘৰুৱা কামৰ বাবে ছুটী লোৱা দেখুৱাই ঊৰ্ধতন কৰ্তৃপক্ষৰ অনুমতি অবিহনে গোপনে বিদেশ ভ্ৰমণলৈ যোৱা চিকিৎসক দম্পতীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাই ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডা: ধ্ৰুৱজ্যোতি বৰাই ৷ আনহাতে, বিদেশ ভ্ৰমণলৈ যোৱা চিকিৎসকৰ দেহৰ পৰা কৰ'না ভাইৰাছ সংক্ৰমিত হোৱাৰ আশংকাত বৰপেটা মেডিকেল কলেজ হাস্পতালৰ অস্ত্ৰোপচাৰ কক্ষ বন্ধ কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই হাস্পতাল কৰ্তৃপক্ষই ৷

আৰু পঢ়ক : ৰাজ্যসভা নিৰ্বাচনত হৰ্চ ট্ৰেডিঙৰ চেষ্টা চলাইছিল বিজেপিয়ে : ৰিপুন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.