ETV Bharat / state

অসম আৰক্ষীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি চিকিৎসক গ্ৰেপ্তাৰ - meghalaya police operation against doctor

অসম আৰক্ষীৰ বিৰুদ্ধে অসন্মানজনক আৰু আপত্তিজনক মন্তব্য কৰি ৰঙা ঘৰৰ আলহী হ'ল বৰপেটাৰ চিকিৎসক ৷ শুকুৰবাৰে নিশা মেঘালয় আৰক্ষীৰ সহযোগত বৰপেটাৰ পৰা যোৱা আৰক্ষীৰ এটা দলে অভিযান চলাই চিকিৎসকগৰাকীক আটক কৰে ৷

doctor arrested offensive remarks against assam police
অসম আৰক্ষীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ চিকিৎসক
author img

By

Published : Jun 12, 2021, 10:28 PM IST

বৰপেটা, ১২ জুন: ফেচবুকত অসম আৰক্ষীৰ বিৰুদ্ধে অসন্মানজনক আৰু আপত্তিজনক মন্তব্য কৰি ৰঙাঘৰৰ আলহী হ'ল এগৰাকী চিকিৎসক ৷ মেঘালয় আৰক্ষীৰ সহযোগত বৰপেটা আৰক্ষীয়ে আটক কৰা চিকিৎসকজন ডাঃ চামছুল আলম বুলি জানিব পৰা গৈছে ৷

অসম আৰক্ষীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি চিকিৎসক গ্ৰেপ্তাৰ

ডাঃ চামছুল আলমৰ ঘৰ বৰপেটাৰ মন্দিয়াত ৷ পশ্চিম গাৰো পাহাৰ জিলাৰ চেলাত অৱস্থিত চি এইছ চি'ত কৰ্মৰত চিকিৎসা বিষয়াগৰাকীয়ে অসম আৰক্ষীৰ বিৰুদ্ধে সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য প্ৰকাশ কৰিছিল ৷ শুকুৰবাৰে নিশা মেঘালয় আৰক্ষীৰ সহযোগত বৰপেটাৰ পৰা যোৱা আৰক্ষীৰ এটা দলে অভিযান চলাই চিকিৎসকগৰাকীক আটক কৰে ৷

উল্লেখ্য যে, চিকিৎসকগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে বৰপেটা আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰা গোচৰমৰ্মে তদন্ত চলাইছে ৷ শনিবাৰে চিকিৎসকগৰাকীক বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আৰক্ষীয়ে হাজিৰ কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ অনুদান মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.