বৰপেটাৰোড, 23 অক্টোবৰ : বাংলাদেশত এতিয়াও মাৰ যোৱা নাই হিন্দু সকলৰ ওপৰত চলি থকা বৰ্বৰতা কাৰ্যকলাপ ৷ বাংলাদেশৰ হিন্দুসকলৰ ওপৰত চলি থকা এই বৰ্বৰতাৰ বিৰুদ্ধে শুকুৰবাৰে বৰপেটাৰোডত ইস্কন আৰু হিন্দু নাগৰিক মঞ্চৰ দ্বাৰা পালন কৰা হয় প্ৰতিবাদৰ এক কাৰ্যসূচী ৷
বৰপেটাৰোড সাহিত্য সভা কাৰ্যালয়ৰ সন্মুখৰ পথছোৱাত ইস্কন আৰু হিন্দু নাগৰিক মঞ্চই আয়োজন কৰা এই ধিক্কাৰ সভাত সুজিৎ নাথে কয় যে, ‘বাংলাদেশৰ সংখ্যালঘুসকলে কোনোদিনেই কাজিয়া পেচাল নকৰে ৷ তেওলোকে দাবী কৰা মতে, দুৰ্গা পূজাৰ মণ্ডপত কোনো হিন্দু নাগৰিকে কোৰান শ্বৰিফ ৰখাৰ দৰে কাম কৰিব নোৱাৰে ৷ ভাৰতবৰ্ষত ৮০ শতাংশ হিন্দু লোকে বসবাস কৰে যদিও ভাৰতবৰ্ষৰ ক’তো হিন্দু সমাজে লজ্জিত হ’ব লগীয়া কাম কৰা নাই হিন্দু লোকে’ ৷
লগতে পঢ়ক : দেশৰ সাতটা ক’ভিড ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী
তাৰোপৰি বাংলাদেশত এনে বৰ্বৰ কাণ্ড সংঘটিত কৰা লোকসকলক ফাঁচি দিয়াৰো দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷ আনকি বাংলাদেশৰ কোনো সামগ্ৰীকে ভাৰতবৰ্ষত ব্যৱহাৰ নকৰিবলৈ ৰাইজক আহ্বান জনাই নেতা গৰাকীয়ে ৷ ভাৰতৰ পৰা প্ৰেৰণ কৰা খাদ্য সামগ্ৰীৰ যোগান বন্ধ কৰি দিলেহে বাংলাদেশী সকলৰ গাত কথা লাগিব ৷ এই মন্তব্য সুজিৎ নাথৰ ৷
লগতে পঢ়ক : ভাৰতীয় নাগৰিকত্ব বিচাৰি 4046 গৰাকী হিন্দু সম্প্ৰদায়ৰ লোকৰ আবেদন