ETV Bharat / state

Holi at Barpeta Satra : সামৰণি পৰিল বৰপেটা সত্ৰৰ দেউল মহোৎসৱৰ

author img

By

Published : Mar 9, 2023, 7:54 PM IST

আজি সুঁৱেৰী ৷ অৰ্থাৎ বিগত ৬ মাৰ্চৰ পৰা বৰপেটা সত্ৰত অনুষ্ঠিত হৈ অহা ‘‘দেউল মহোৎসৱ’’ৰ আজি শেষৰটো দিন (Concluded Deul Mahotshav in Barpeta) ৷ দেউল মহোৎসৱৰ শেষৰ দিনাও ব্ৰহ্ম পুৱাৰে পৰা হোলী গীত আৰু আবিৰৰ ৰঙত ৰঙীণ হৈ আছে সত্ৰ নগৰীৰ চৌপাশ ৷

Holi at Barpeta Satra
আবিৰৰ ৰঙত ডুব গৈছে সত্ৰনগৰী
আবিৰৰ ৰঙত ডুব গৈছে সত্ৰনগৰী

বৰপেটা, ৯ মাৰ্চ : বৰপেটা সত্ৰত ৬ মাৰ্চৰ পৰা সত্ৰীয়া ৰীতি আৰু পৰম্পৰাৰে চাৰিদিনীয়াকৈ অনুষ্ঠিত ‘‘দেউল মহোৎসৱ’’ৰ আজি শেষৰটো দিন (Concluded Deul Mahotshav in Barpeta) ৷ আজি অৰ্থাৎ বৃহস্পতিবাৰে বৰপেটা সত্ৰত পালন কৰা হৈছে সুঁৱেৰী উৎসৱ ৷ আজি পুৱাৰে পৰা ৰঙে ৰঙে একাকাৰ হৈ পৰিছে সত্ৰনগৰী বৰপেটা ৷

সত্ৰীয়া পৰম্পৰা অনুসৰি গোঁসাই দৌলগৃহত আৰোহন কৰি থকা সময়ত ভক্তসকলে ফাকু খেলিব নোৱাৰে ৷ সেয়ে দৌলগৃহত থকা গোঁসাইক ফাকু গুৰি ছটিয়াই সেৱা জনায় ভক্তসকলে ৷ ৬ মাৰ্চত গোন্ধ যাত্ৰাৰ নিশা দৌলত আৰোহন কৰা দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক নক্ষত্ৰ গণনা অনুসৰি আজি ব্ৰহ্ম পুৱাতে দুয়োজনা গোঁসাইক দৌলগৃহৰ পৰা যথা ৰীতি-নীতিৰে নমাই আনি কীৰ্তন ঘৰৰ ঘাই দুৱাৰৰ কাষৰ কাঠিত বৰশৰাইত ৰখা হয় ৷

ইপিনে সুৱেৰী উপলক্ষে হোলীগীতৰ সুৰ আৰু আবিৰৰ ৰঙত ডুব গৈছে সত্ৰনগৰী বৰপেটা (Holi at Barpeta Satra) ৷ আজি পুৱাৰে পৰাই আয়তী, পুৰুষ-মহিলা, যুৱক-যুৱতীসকল বৰপেটা সত্ৰত উপস্থিত হৈ ইজনে সিজনক ফাকু গুৰিৰে হোলীৰ শুভেচ্ছা জনায় ৷ আনকি মন প্ৰাণ উতলা কৰা হোলীগীতৰ সুৰৰ লহৰ আৰু আবিৰৰ ৰঙত ৰঙীণ হৈ পৰা সত্ৰনগৰীৰ আকাশ বতাহ মুখৰিত হৈ পৰে ৷

বৰপেটাৰ প্ৰাণৰ উৎসৱ, মনৰ উৎসৱ, ৰঙৰ উৎসৱ দেউলৰ আনন্দ উলাহত মতলীয়া হৈ পৰা প্ৰতিজনৰ কণ্ঠৰ পৰা নিগৰিত হয় হোলী গীতৰ অমিয়া সুৰ ৷ আবিৰৰ ৰং, কৃষ্ণপ্ৰেম আৰু প্ৰকৃতি বন্দনাৰে মুখৰিত হোলীগীতৰ সুৰত একপ্ৰকাৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈ পৰে সত্ৰনগৰী বৰপেটা (Holi in Barpeta) ৷

লগতে পঢ়ক : Doul Mahostsav in Barpeta: দৌল মহোৎসৱত লোকে লোকাৰণ্য় বৰপেটা সত্ৰ

ইপিনে বিয়লি ভাগত দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোঁসাইক দুখন দোলাত তুলি গায়ন বায়ন প্ৰমুখ্যে হেজাৰ হেজাৰ ভক্তই কলবাৰী সত্ৰলৈ হেকেটা খুৱাবলৈ লৈ যায় ৷ দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোঁসাইৰ সৈতে বাৰাদি সত্ৰৰ গোঁসাইকো ডোলাত তুলি কলবাৰী সত্ৰলৈ লৈ যোৱা হয় ৷

ধৰ্মীয় বিশ্বাস আৰু লৌকিক পৰম্পৰাৰে পালিত হৈ অহা মাহজাতীয় শস্য হেকেটা খুৱাই গোঁসাইক কলবাৰী সত্ৰৰ পৰা বৰপেটা সত্ৰলৈ গোঁসাই উভতাই আনি বৰপেটা সত্ৰৰ দালানৰ সন্মুখত পোৱাৰ সময়তে সত্ৰৰ টুপৰ চোতালত অনুষ্ঠিত কৰা হয় বাঁহ ভঙা কাৰ্য ৷

ইয়াৰ পিচতে গোঁসাইক সত্ৰৰ কীৰ্তন ঘৰৰ চাৰিওফালে সাত পাক প্ৰদক্ষিণ কৰাই মণিকূট গৃহত প্ৰৱেশ কৰায় ৷ দুয়োজনা গোঁসাইক মণিকূট গৃহত প্ৰৱেশৰ পূৰ্বে পৰম্পৰাগত বোলবোলনি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ কিছু সময়ৰ পাচতে গোঁসাইক মনিকূটত প্ৰৱেশ কৰাৰ লগে লগে সামৰণি পৰিব সত্ৰনগৰী বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱ ৷ ইয়াৰ লগে লগে নিজম পৰিব আবিৰৰ ৰং, কৃষ্ণপ্ৰেম আৰু ভকতিৰ অমিয়া ৰসত বুৰ গৈ থকা সত্ৰনগৰী বৰপেটা ৷

লগতে পঢ়ক : Barpeta Satra Dol Mahotsav : ফাকুৱাৰ ৰঙেৰে ৰঙীণ বৰপেটা সত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.