ETV Bharat / state

বৰপেটাত শৃংখল চলিহাক সাক্ষাৎ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ - barpeta jail

সোমবাৰে বৰপেটাত উপস্থিত হয় কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ বৰপেটা জিলা কাৰাগাৰত বন্দী হৈ থকা শৃংখল চলিহাক সাক্ষাৎ কৰে নেতাগৰাকীয়ে ৷

debabrat saikia meet sringkhol chaliha at barpeta jail
বৰপেটাত উপস্থিত হয় কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া
author img

By

Published : Jan 1, 2020, 1:57 PM IST

বৰপেটা, ১ জানুৱাৰী : বৰপেটা জিলা কাৰাগাৰত বন্দী হৈ থকা শৃংখল চলিহাক সাক্ষাৎ কৰিবলৈ সোমবাৰে বৰপেটাত উপস্থিত হয় কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ সংশোধিত নাগৰিকত্ব আইন বাতিলৰ আন্দোলনত অংশগ্ৰহণ কৰাৰ অপৰাধত কাৰাগাৰত বন্দী হৈ আছে শিৱসাগৰৰ শৃংখল চলিহা ৷ শৃংখল চলিহা,জীতেন দত্তৰ দৰেই বহু কংগ্ৰেছ কৰ্মীক চৰকাৰে গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ তোলে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

বৰপেটাত উপস্থিত হয় কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

অহা 13 জানুৱাৰীত আহ্বান জনোৱা বিধানসভাৰ বিশেষ অধিবেশনক লৈ ৰণ কৌশল যুগুতাইছে কংগ্ৰেছে ৷ সংশোধিত নাগৰিকত্ব আইন সন্দৰ্ভত চৰকাৰে বিশেষ অধিৱেশন আহ্বান জনোৱা বাবে চৰকাৰক ধন্যবাদ জনায় শইকীয়াই ৷ এই অধিবেশনত সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত সোমবাৰে বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলিও কয় বিৰোধী দলৰ দলপতি গৰাকীয়ে ৷

আৰু পঢ়ক : বৰপেটাত আৰম্ভ ২৯ সংখ্যক 'ৰংঘৰ ৰাষ্ট্ৰীয় নাট উৎসৱ'

Intro:
বৰপেটা, ১ জানুৱাৰীঃ বৰপেটা জিলা কাৰাগাৰত বন্দী হৈ আছে শিৱসাগৰৰ শৃংখল চলিহা ৷ সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবী জনাই আন্দোলনত অংশগ্ৰহন কৰাৰ অপৰাধত ন্যায়ালয়ৰ নিৰ্দেশত বৰপেটা জিলা কাৰাগাৰত বন্দী হৈ থকা শৃংখল চলিহাৰ খবৰ লবলৈ সোমবাৰে বৰপেটাত উপস্থিত হয় কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ দেৱব্ৰত শইকীয়াই বিজেপি শাসিত ৰাজ্যসমুহত সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত চলা আন্দোলনত চৰকাৰে দমনমূলক ব্যৱস্থা লোৱা বুলি অভিযোগ কৰে ৷ Body:শৃংখল চলিহা, জীতেন দত্তৰ দৰেই বহু কংগ্ৰেছ কৰ্মীকো চৰকাৰে গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ তোলে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ আনহাতে শেহতীয়াকৈ বিশ্বত ভাৰতৰ ভাৱমূৰ্তি ম্লান হোৱা বুলিও ক্ষোভ ব্যক্ত কৰে দেৱব্ৰত শইকীয়াই ৷
ইপিনে সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত ৰাজ্যখনত অব্যাহত ব্যাপক আন্দোলনৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে বাধ্য হৈ অহা তেৰ জানুৱাৰীত আহ্বান জনোৱা বিধানসভাৰ বিশেষ অধিবেশনক লৈ ৰণ কৌশল যুগুতাইছে কংগ্ৰেছে ৷ সংশোধিত নাগৰিকত্ব আইন সন্দৰ্ভত চৰকাৰে বিশেষ অধিবেশন আহ্বান জনোৱা কাৰ্যৰ বাবে চৰকাৰক ধন্যবাদ জনাইছে দেৱব্ৰত শইকীয়াই ৷ এই অধিবেশনত সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত সংকল্প প্ৰস্তাৱ গ্ৰহনৰ দাবীত সোমবাৰে বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে বিৰোধী দলৰ দলপতি গৰাকীয়ে ৷ বৰপেটাত সোমবাৰে নিশা দেৱব্ৰত শইকীয়াই কলে- কেৰেলাৰ শাসক বিৰোধী সকলোৱে একলগ হৈ যিদৰে বিধানসভাত সংশোধিত নাগৰিকত্ব আইন বাতিলৰ বাবে প্ৰস্তাৱ গ্ৰহন কৰিছে তেনেদৰে অসম বিধানসভায়ো তেৰ জানুৱাৰীত আইনখন বাতিলৰ দাবীত সংকল্প প্ৰস্তাৱ গ্ৰহন কৰিব লাগে ৷ আনকি অগপৰ মন্ত্ৰী কেশৱ মহন্তই এই সম্পৰ্কে পূৰ্বতে সদনত প্ৰদান কৰা বিবৃতি সোৱৰাই দিয়ে দেৱব্ৰত শইকীয়াই ৷ অগপই সংশোধিত নাগৰিকত্ব আইনখনক লৈ দুমুখীয়া স্থিতি গ্ৰহন কৰি অহা বুলি অভিযোগ তুলি এইক্ষেত্ৰত প্ৰফুল্ল কুমাৰ মহন্ত, বৃন্দাৱন গোস্বামী আৰু পবিন ডেকাই গ্ৰহন কৰা স্থিতিক প্ৰসংসা কৰে কংগ্ৰেছনেতা গৰাকীয়ে ৷
Conclusion:
বাইটঃ দেৱব্ৰত শইকীয়া ৷

---- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.