ETV Bharat / state

Youth dies in accident in Barpeta: ৰহস্য়ৰ আৱৰ্তত বৰপেটাৰ যুৱক মুক্তাৰ আলীৰ মৃত্যু

author img

By

Published : Mar 2, 2023, 2:22 PM IST

বৰপেটাৰ টেমুৰা দঙৰা গাঁৱত যুৱকৰ মৃত্য়ুক লৈ সৃষ্টি হৈছে ৰহস্য়ৰ (Youth death at Dongra Village in Barpeta)। পৰিয়ালৰ অভিযোগ, যুৱকজনক বন্ধুৱে হত্য়া কৰি দূৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে । আৰক্ষীৰ দ্বাৰা উপযুক্ত তদন্তৰে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী পৰিয়ালৰ লোকৰ ।

Youth death at  Dongra Village in Barpeta
টেমুৰা দঙৰা গাঁৱত যুৱকৰ মৃত্য়ুক লৈ সৃষ্টি হৈছে ৰহস্য়ৰ

বৰপেটা, ২ মাৰ্চ: বৰপেটা জিলাৰ টেমুৰা দঙৰা গাঁৱত এজন বিবাহিত যুৱকৰ মৃত্য়ুক লৈ ৰহস্য়ৰ সৃষ্টি হৈছে । বন্ধুৰ সৈতে গাড়ী কিনিবলৈ গৈ বন্ধুৰ হাততে প্ৰাণ হেৰুৱালে বুলি যুৱকজনৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে (Allegation of murder in Barpeta) ৷ সেয়েহে জিলাখনৰ টেমুৰা দঙৰা গাঁওখনত বন্ধুক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগৰ পাছতে এতিয়া সৃষ্টি হৈছে ৰহস্য়ৰ (Death of a youth from Barpeta remains a mystery)৷

পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি জিলাখনৰ টেমুৰা দঙৰা গাঁৱৰ চৰকপাৰাৰ মুক্তাৰ আলীয়ে তেওঁৰ বন্ধু শ্বাহানুৰ ইছলামৰ সৈতে যোৱা ২৪ ফেব্ৰুৱাৰীত গাড়ী কিনিবলৈ ঘৰৰ পৰা ওলাই গৈছিল ৷ মুক্তাৰে দুই বন্ধুৰ লগতে শ্বাহানুৰ ইছলামৰ সৈতে গাড়ী কিনাৰ বাবে ঘৰৰ পৰা ওলাই যোৱাৰ পিছত পত্নী আৰু ঘৰৰ মানুহৰ সৈতে ফোনতো যোগাযোগ হৈছিল ৷ কিন্তু সন্ধিয়াৰ সময়ত মুক্তাৰ পথ দূৰ্ঘটনাত পতিত হোৱা বুলি শ্বাহানুৰ ইছলামে পৰিয়ালৰ লোকক খবৰ দিয়ে ৷ পৰিয়ালৰ লোকে পুনৰ উল্লেখ কৰি কয় যে, ৰহস্যজনকভাৱে এবাৰ নাৰেংগী, এবাৰ পাঠশালাত দূৰ্ঘটনা সংঘটিত হোৱা বুলি খবৰ দিয়ে যদিও নিশা বাইহাটা চাৰিআলিৰ পৰা 108 যোগে মুক্তাৰক গুৱাহাটীৰ নাৰায়ণা ছুপাৰ স্পেচিয়েলিটী হাস্পটালত ভৰ্তি কৰি়য়েই বন্ধু শ্বাহানুৰ ইছলামে হাস্পতালৰ পৰা পলায়ন কৰে ৷

ইপিনে, মুক্তাৰৰ শাৰীৰিক অৱস্থা জটিল হৈ পৰাত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও বুধবাৰে চিকিৎসাধীন অৱস্থাতে মুক্তাৰ আলীৰ মৃত্যু হয় ৷ কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা যুৱকজনৰ মৃতদেহ ঘৰ আহি পোৱাৰ পিছতেই সৃষ্টি হয় এক শোকাকূল পৰিৱেশৰ ৷ মুক্তাৰৰ ঘৰত অঞ্চলটোৰ হাজাৰ হাজাৰ লোক উপস্থিত হৈ এই ৰহস্য়জনক মৃত্য়ুৰ তদন্তৰ দাবী জনায় (Public demand for probe of mysterious death) ৷

ইপিনে, পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰি কয় যে কেৱল ধনৰ বাবেই বন্ধু শ্বাহানুৰ ইছলামে আন লোকৰ সহায়ত মুক্তাৰক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিব বিচাৰিছে ৷ মুক্তাৰে শ্বাহানুৰ ইছলামৰ পৰা পাব লগীয়া ধন আৰু গাড়ী ক্ৰয়ৰ বাবে লৈ যোৱা ধনৰ লোভতে মুক্তাৰক হত্যা কৰা বুলি পৰিয়ালৰ লোকে দাবী কৰিছে । ইতিমধ্যে পৰিয়ালৰ লোকে শ্বাহানুৰ ইছলামৰ বিৰুদ্ধে বৰপেটা থানাত দাখিল কৰিছে এজাহাৰ । ঘটনাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:Himanta Biswa Sarma meets Conrad Sangma: মুখ্যমন্ত্ৰী শৰ্মাক গুৱাহাটীত গোপনে সাক্ষাৎ মেঘালয়ৰ কনৰাড চাংমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.