বৰপেটা,১২জুলাইঃ বৰপেটাৰ গান্ধী নগৰত দেওবাৰে উদ্ধাৰ হয় এটা মৃতদেহ ৷ বৰপেটা চহৰৰ গান্ধী নগৰত থকা মেজিষ্ট্ৰেট ক'লনীৰ পুখুৰীত উদ্ধাৰ হয় মৃতদেহটো ৷ একাংশ পথচাৰীয়ে মৃতদেহটো প্ৰত্যক্ষ কৰি বৰপেটা সদৰ আৰক্ষীক খবৰ দিয়াৰ পিছতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পুখুৰীটোত উপঙি থকা মৃতদেহটো উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে জনোৱা মতে, মৃত লোকজন বাবুল দাস (৫০) ৷ ইপিনে গান্ধীনগৰত অকলশৰীয়াকৈ ভাড়াঘৰত থকা লোকজনৰ ঘৰ বৰপেটা চহৰৰ পালাংদিহাটীত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
![Deadbody recovered by in Barpeta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7996047_-pic2.jpg)
ইফালে ভাৰাঘৰৰ মালিকে জনোৱা মতে, শুকুবাৰৰ পৰা সন্ধানহীন হৈ আছিল লোকজন ৷ এয়া আত্মহত্যা নে দূৰ্ঘটনা সেই কথা এতিয়াও জানিব পৰা নাই ৷ আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব সমগ্ৰ তথ্য ৷ অৱশ্যে শাৰিৰীক অসুস্থতাত ভোগা লোকজন বিগত কিছুদিন ধৰি হতাশাত ভোগা বুলিও প্ৰকাশ কৰিছে একাংশ লোকে ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷
লগতে পঢ়কঃ কৃষিমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে চাচনীবাসীয়ে